নগাঁও, ০১ আগষ্ট (হি.স.): নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লংজাপ পদুমণি পাহাৰতলী গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে। ছিৰাজুল ইছলাম নামৰ কিশোৰ গৰাকী আজি ৭ দিন ধৰি সন্ধানহীন হোৱাত কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোকসকল।
বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান উলিয়াৱ নোৱাৰাত কচুৱা থানাত জাননী দিয়ে পৰিয়ালৰ লোকে। কোনো সদাদয় লোকে যদি কিশোৰ গৰাকীৰ কিবা সম্ভেদ পায় তেন্তে 94017 68302 নম্বৰত অথবা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ