নতুন দিল্লী, ৩১ জুলাই (হি.স.)। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধিৰ প্ৰস্তাৱ বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ’ব। এই সন্দৰ্ভত আলোচনাৰ অন্তত ভোটগ্ৰহণ কৰা হ’ব। ৰাজ্যসভাৰ প্রকাশিত এজেণ্ডাৰ মতে, ২০২৫ চনৰ ১৩ আগষ্টৰ পৰা ছমাহৰ বাবে সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত মণিপুৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে ১৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখৰ ঘোষণা অব্যাহত ৰখাৰ বাবে অনুমোদন বিচাৰি প্ৰস্তাৱ আগবঢ়াব।
ইয়াৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যসভাত সাগৰীয় পৰিবহণ মাল বিধেয়ক ২০২৫ সন্দৰ্ভত এক প্ৰস্তাৱ দাখিল কৰিব। ইতিমধ্যে এই বিধেয়কখন লোকসভাত গৃহীত হৈছে। বিধেয়কখনত সাগৰীয় পথেৰে সামগ্ৰী পৰিবহণৰ সম্পৰ্কত আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহৰ বাবে বাহকৰ দায়িত্ব, বাধ্যবাধকতা, অধিকাৰ আৰু ৰক্ষাকৱচৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে বুধবাৰে লোকসভাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল ছমাহৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ গৃহীত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া