কামৰূপ, ৩১ জুলাই (হি.স.)। কমলপুৰৰ আলেকজাৰীত চুৰিকাঘাটৰ ঘটনা । কালি নিশা প্ৰায় ১.৩০ বজাত শোৱাপাটিতে স্বামী-স্ত্ৰীক হত্যাৰ চেষ্টা একেখন গাৱঁৰে দাগী অপৰাধী কপিল দাসৰ । ঘৰৰ বেৰকাটি শোৱনি কোঠাত প্ৰবেশ কপিল দাসৰ । চুৰীৰে স্বামী-স্ত্ৰীক কেইবাঠাইতো আঘাট কৰে কপিলে । স্বামী শংকৰ দাস আৰু স্ত্ৰী গীতিমা দাসক সংকটজনক অৱস্থাত বাইহাটাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়।
নিশা শংকৰ দাসৰ মৃত্যু হয়। সম্প্ৰতি পত্নী গীতিমা দাস মৃত্যুৰ সৈতে যুঁজি চিকিৎসাধীন হৈ আছে। কপিল দাসে কি উদ্দেশ্যৰে স্বামী-স্ত্ৰীক হত্যাৰ চেষ্টা কৰিছিল বৰ্তমানো ৰহস্যৰ আৱৰ্তত । ৰাইজে খেদি-খেদি কৰায়ত্ব কৰা কপিল দাসক পিছত ধৰি-বান্ধি কমলপুৰ আৰক্ষীক গতাই দিয়ে । ইয়াৰ পূৰ্বেও গাওঁখনৰ কেইবাটাও অপৰাধ জনিত ঘটনাত জড়িত হৈ কাৰাগাৰলৈ যাব লগীয়া হৈছিল দুৰ্বৃত্ত কপিল দাস । গাওঁখনত সন্ত্ৰাসৰ কাৰন হৈ পৰিছে কপিল দাস । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ