হোজাইত উটৰ মাংসসহ আটক চাৰিগৰাকীকৈ লোক
হোজাই, ৩১জুলাই (হি.স.)। হোজাইত উটৰ মাংসসহ আটক চাৰিগৰাকীকৈ লোক। হোজাই আমলিপুখুৰীৰ(পূৱ কান্ধুলিমাৰী) পৰা কাটি থকা অৱস্থাত যোগীজান আৰক্ষীয়ে জব্দ কৰে উটৰ মাংসখিনি। আমলিপুখুৰী আজিজুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত কাটিছিল উক্ত উটটো। আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক
হোজাইত উটৰ মাংসসহ আটক চাৰিগৰাকীকৈ লোক।।


হোজাই, ৩১জুলাই (হি.স.)। হোজাইত উটৰ মাংসসহ আটক চাৰিগৰাকীকৈ লোক। হোজাই আমলিপুখুৰীৰ(পূৱ কান্ধুলিমাৰী) পৰা কাটি থকা অৱস্থাত যোগীজান আৰক্ষীয়ে জব্দ কৰে উটৰ মাংসখিনি। আমলিপুখুৰী আজিজুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত কাটিছিল উক্ত উটটো। আৰক্ষীয়ে সোধ-পোচৰ বাবে আটক কৰিছে আজিজুৰৰ দুই পুত্ৰসহ আন দুজন লোকক।

উল্লেখ্য হোজাই জিলাৰ ইছলাম নগৰ অঞ্চলত ৰাজস্থানৰ পৰা প্ৰায় ১২ টাকৈ উট সৰহবৰাহ হৈছিল দুদিন পূৰ্বে।

হোজাই জিলাৰ বিভিন্ন ঠাইৰ উপৰিও এই উট সৰহবৰাহ হৈছিল যোগীজানৰ আমলিপুখুৰীত। আজি পুৱাৰ ভাগত কাটি থকা অৱস্থাত আৰক্ষীয়ে মাংসসহ আটক কৰিবলৈ সক্ষম হয় চাৰিজনকৈ লোকক। বৰ্তমানলৈকে আৰক্ষীয়ে সাংবাদিকক সমগ্ৰ তথ্য দিয়াৰ পৰা বিৰত আছে। বৰ্তমান উটৰ মাংসৰ বৈধতা আৰু অবৈধতা সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande