হোজাইত উটৰ মাংস সহ আটক পাঁচজন
হোজাই, ৩১ জুলাই (হি.স.)। হোজাইত উটৰ মাংস সহ সোধাপোছাৰ বাৱে আটক পাঁচজনকৈ লোক। হোজাইৰ পূৱ কাণ্ডুলিমাৰীত কাটি থকা অৱস্থাত যোগীজান আৰক্ষীয়ে জব্দ কৰে উটৰ মাংসখিনি। পূব কাণ্ডুলিমাৰীৰ আজিজুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত কাটিছিল উটটো। উল্লেখ্য হোজাই জিলাৰ বিভি
হোজাইত উটৰ মাংস সহ আটক পাঁচজন


হোজাই, ৩১ জুলাই (হি.স.)। হোজাইত উটৰ মাংস সহ সোধাপোছাৰ বাৱে আটক পাঁচজনকৈ লোক। হোজাইৰ পূৱ কাণ্ডুলিমাৰীত কাটি থকা অৱস্থাত যোগীজান আৰক্ষীয়ে জব্দ কৰে উটৰ মাংসখিনি। পূব কাণ্ডুলিমাৰীৰ আজিজুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত কাটিছিল উটটো। উল্লেখ্য হোজাই জিলাৰ বিভিন্ন অঞ্চলত ৰাজস্থানৰ পৰা প্ৰায় ১২ টাকৈ উট সৰহবৰাহ হৈছিল দুই তিনিদিন পূৰ্বে।

হোজাই জিলাৰ বিভিন্ন স্থানৰ উপৰিও উট সৰহবৰাহ হৈছিল যোগীজানৰ পূব কাণ্ডুলিমাৰীত। আজি পুৱাৰ ভাগত কাটি থকা অৱস্থাত আৰক্ষীয়ে মাংস সহ আটক কৰিবলৈ সক্ষম হয় পাঁচজনকৈ লোকক। অৱশেষত উটৰ মাংসখিনি আৰক্ষীয়ে জেচিবি ৰে গাঁত খান্দি পুতিদিয়ে। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande