দিল্লীত বৰষুণ, ডাৱৰে আবৰি ধৰিলে এনচিআৰ, দিনটো বৰষুণৰ আগজাননী
নতুন দিল্লী, ৩১ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বহু ঠাইত আজি পুৱা বৰষুণ হয়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গাজিয়াবাদ, নয়ডা, ফৰিদাবাদ আৰু গুৰুগ্ৰামত আজি গোটেই দিনটো লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰি
भारत मौसम विज्ञान विभाग के एक्स पोस्ट में इन इलाकों में बरसात होने का पूर्वानुमान जारी किया है।


भारत मौसम विज्ञान विभाग ने एक्स पोस्ट में बताया है कि पिछले 24 घंटे में कहां कितनी बारिश दर्ज की गई।


নতুন দিল্লী, ৩১ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বহু ঠাইত আজি পুৱা বৰষুণ হয়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গাজিয়াবাদ, নয়ডা, ফৰিদাবাদ আৰু গুৰুগ্ৰামত আজি গোটেই দিনটো লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। নিশাও এনচিআৰত ভাল বৰষুণ হৈছিল।

আজি পুৱা নতুন দিল্লীৰ শিৱাজী ষ্টেডিয়াম, গোল মাৰ্কেট, জনপথ আৰু মিণ্টো ব্ৰীজ এলেকাত প্ৰচণ্ড বৰষুণৰ মাজতে কৰ্মৰত লোকে বাছৰ অপেক্ষাত থিয় হৈ থকা দেখা গ’ল। আইএমডিয়ে পুৱা এক্স প’ষ্টত বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে এন চি আৰৰ বাহাদুৰগড় আৰু মানেছাৰত বজ্ৰপাতৰ লগতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। সমগ্ৰ দিল্লী, লনী দেহাত, হিন্দন বায়ুসেনা ষ্টেচন, গাজিয়াবাদ, ইন্দিৰাপুৰম, ছাপ্ৰাউলা, নয়ডা, গ্ৰেটাৰ নয়ডা, গুৰুগ্ৰাম, ফৰিদাবাদ, বল্লভগড়ৰ ওপৰত পাতল বৰষুণৰ সম্ভাৱনা।

আইএমডিৰ এক্স পোষ্ট অনুসৰি বুধবাৰে পুৱা ৮:৩০ বজাৰ পৰা আজি পুৱা ৬:৩০ বজালৈ ছালৱান পাব্লিক স্কুল (পূব দিল্লী)ত ৪২ মিলিমিটাৰ, পুছা (মধ্য দিল্লী)ত ৪০ মিলিমিটাৰ, ক্ৰীড়া কমপ্লেক্স (নতুন দিল্লী)ত ৩৮ মিলিমিটাৰ, ছফদাৰজং (দক্ষিণ-পশ্চিম দিল্লী)ত ৩৪ মিলিমিটাৰ, নাজাফগড় (দক্ষিণ-পশ্চিম দিল্লী) ২৩.৫ মি.মি., প্ৰগতি ময়দান (মধ্য দিল্লী) ২২.১ মিলিমিটাৰ, কেন্দ্ৰীয় বিদ্যালয় নাৰায়ণ (দিল্লী) ২০.৫ মিলিমিটাৰ, লোডী পথ (নতুন দিল্লী) ১৮.৫ মিলিমিটাৰ, কেন্দ্ৰীয় বিদ্যালয় জনকপুৰী (দিল্লী) ১৮ মিলিমিটাৰ আৰু অয়ানগৰ (দক্ষিণ-পশ্চিম দিল্লী)ত ১৩ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। আই এম ডিয়ে আজি গোটেই দিনটো আকাশখন সাধাৰণতে ডাৱৰীয়া হোৱাৰ লগতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ আৰু ধুমুহাৰ পূৰ্বানুমান প্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande