নতুন দিল্লী, ৩০ জুলাই (হি.স.)। কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই যোৱা বছৰ ৱায়ানাদ অঞ্চলত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ মনোভাৱক লৈ প্ৰশ্ন উত্থাপন কৰিছে । এবছৰৰ পাছতো ৱায়ানাড দুৰ্ঘটনাৰ বলি হোৱা লোকসকলে সংগ্ৰাম কৰি আছে বুলিও কয় তেওঁ। অতি দুখৰ বিষয় যে চৰকাৰে ভুক্তভোগীৰ বাবে প্ৰেৰণ কৰা সাহায্য ঋণৰ ৰূপত প্ৰেৰণ কৰে। ভুক্তভোগীৰ ঋণ ৰেহাই দিব লাগে।
সংসদ ভৱন চৌহদত সাংবাদিকৰ আগত প্ৰিয়ংকা গান্ধীয়ে কয়, সেই লোকসকলে সেই ঋণ কেনেকৈ পৰিশোধ কৰিব? এইটো কেন্দ্ৰীয় চৰকাৰৰ বাবে সামান্য ধন, প্ৰধানমন্ত্ৰীয়ে এই ধন মাফ কৰিব লাগে।
প্ৰিয়ংকাই সংসদত চলি থকা বিতৰ্কৰ বাবে ৱায়ানাদত উপস্থিত হ’ব নোৱাৰিলেও তাত থকা জনসাধাৰণৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। ৱায়ানাডৰ জনসাধাৰণৰ বাবে ই অতি বেদনাদায়ক হৈ পৰিছে আৰু তেওঁলোকৰ দুখ তেওঁ অতি গভীৰভাৱে অনুভৱ কৰিছে, কাৰণ তাত থকা মানুহৰ পৰা তাই অপৰিসীম মৰম পাইছে। প্ৰিয়ংকাই কয় যে ৱায়ানাদৰ জনসাধাৰণে এই শোকাৱহ দুৰ্ঘটনাৰ পৰা শীঘ্ৰে আৰোগ্য লাভ কৰিব আৰু জীৱনটো আগুৱাই যাবলৈ সক্ষম হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া