ভূপাল, ৩১ জুলাই (হি.স.)। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে বৃহস্পতিবাৰে নতুন দিল্লীত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰি তেওঁলোকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰে। এই সময়ত দুয়োগৰাকী নেতাই ৰাজ্যৰ ৰাজনৈতিক কাৰ্যকলাপ আৰু উন্নয়নৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰে। মধ্যপ্ৰদেশত চলি থকা উন্নয়নমূলক আঁচনি আৰু কেন্দ্ৰ-ৰাজ্যৰ সমন্বয়ক অধিক শক্তিশালী কৰাৰ বাবে এই বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে তথ্য বিনিময় কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড০ যাদৱে কয় যে আজি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সংসদ ভৱনত সাক্ষাৎ কৰি ১৮ মাহৰ কাৰ্যকালৰ সাফল্যৰ বিষয়ে অৱগত কৰে। সুশাসন, অৰ্থনৈতিক উন্নয়ন, মহিলা সৱলীকৰণ, জনজাতীয় কল্যাণ আৰু আন্তঃগাঁথনি আদি ক্ষেত্ৰত অগ্ৰগতি সন্নিবিষ্ট কৰা ‘ঐহিত্যৰ পৰা উন্নয়নৰ পথ’ (বিৰাসত সে বিকাশ কি ৰাহ) পুস্তিকাখন উপস্থাপন কৰে। ডুবাই আৰু স্পেইনৰ সদ্য সমাপ্ত বিনিয়োগ ভ্ৰমণৰ বিষয়েও তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে আৰু ভৱিষ্যতৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰা পথ প্ৰদৰ্শন আৰু সহযোগিতাৰ আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ মোহন যাদৱেও সংসদ ভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে সৌজন্যতামূলক সাক্ষাৎ কৰি বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি আৰু ৰাজনৈতিক বিষয়ত তেওঁৰ পৰা দিহা-পৰামৰ্শ বিচাৰে।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী ড০ যাদৱে কয় যে তেওঁৰ চৰকাৰ মধ্য প্রদেশৰ উন্নয়নৰ বাবে দায়বদ্ধ৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলৰ সহযোগিতা আৰু পথ প্ৰদৰ্শন ৰাজ্যখনৰ বাবে গুৰুত্বপূৰ্ণ। ‘আমি ভাৰত চৰকাৰৰ সহযোগত বহু আঁচনিৰ কাম কৰি আছো।তেওঁ কয় যে আলোচনাত ৰাজ্যৰ আন্তঃগাঁথনি প্ৰকল্প, গ্ৰাম্য উন্নয়ন আৰু উদ্যোগিক অগ্ৰগতিৰ দৰে বিষয় সন্নিবিষ্ট কৰা হৈছিল।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ যাদৱে নতুন দিল্লীস্থিত বাসগৃহত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সৌজন্যতামূলক সাক্ষাৎ কৰে। এই সময়ছোৱাত তেওঁলোকৰ মাজত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। তেওঁ কয় যে ৰাজ্যৰ শিক্ষাৰ মানদণ্ড, উদ্ভাৱন ভিত্তিক উন্নয়ন আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানৰ সৈতে ইতিবাচক আলোচনা হয়। মধ্যপ্ৰদেশৰ শিক্ষা ব্যৱস্থাক শক্তিশালী আৰু সৰ্বাংগীন কৰি তোলাৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কাম কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া