সমগ্ৰ বিশ্বই জানে যে ভাৰতীয় অৰ্থনীতি স্থবিৰ, প্ৰধানমন্ত্ৰীয়েও মানি লোৱা উচিতঃ ৰাহুল গান্ধীয়ে
নতুন দিল্লী, ৩১ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ আমদানি শুল্ক (টেৰিফ) আৰোপ কৰাৰ ঘোষণা আৰু ভাৰতৰ অৰ্থনীতিক “মৃত অৰ্থনীতি” বুলি অভিহিত কৰাক লৈ কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ
ৰাহুল গান্ধী


নতুন দিল্লী, ৩১ জুলাই (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ আমদানি শুল্ক (টেৰিফ) আৰোপ কৰাৰ ঘোষণা আৰু ভাৰতৰ অৰ্থনীতিক “মৃত অৰ্থনীতি” বুলি অভিহিত কৰাক লৈ কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ভাৰতীয় অৰ্থনীতি স্থবিৰ বুলি সমগ্ৰ বিশ্বই জানে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী এই সত্যক মানি ল’বলৈ সাজু নহয় বুলিও তেওঁ কয়।

বৃহস্পতিবাৰে সংসদ ভৱন চৌহদত সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় যে ট্ৰাম্পে কেৱল সত্যকহে উদঙাই দিছে। ভাৰতীয় জনতা পাৰ্টি চৰকাৰে অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস কৰি এই সকলোবোৰ উদ্যোগপতিসকলৰ উপকাৰৰ বাবে কৰা হৈছে বুলি অভিযোগ কৰে। বৈদেশিক নীতিৰ ওপৰতো চৰকাৰক কোণত ৰাখি কয় যে চৰকাৰে ইয়াক ‘জিনিয়াছ ফৰেইন পলিচি’ বুলি কয়, আনহাতে আমেৰিকাই ভাৰতক অভিযোগ কৰিছে, সীমান্তত চীন আগ্ৰাসী আৰু কোনো দেশেই পাকিস্তানৰ বিৰুদ্ধে মুকলিকৈ কথা কোৱা নাই। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া ভাৰতে সমগ্ৰ বিশ্বতে প্ৰতিনিধি দল প্ৰেৰণ কৰে তেতিয়া কোনো দেশেই পাকিস্তানক কিয় গৰিহণা নিদিয়ে?

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযোগত অভিযুক্ত পাকিস্তানৰ তেতিয়াৰ জেনেৰেল তথা বৰ্তমানৰ ফিল্ড মাৰ্শ্বাল অসীম মুনিৰৰ সৈতে ট্ৰাম্পে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছে আৰু চৰকাৰে ইয়াক নিজৰ কূটনৈতিক সফলতা বুলি অভিহিত কৰিছে। তেওঁ কয় যে ট্ৰাম্পে বহুবাৰ কৈছে যে তেওঁ যুদ্ধবিৰতি আনিছো আৰু পাঁচখন বিমান গুলীয়াই পেলোৱা হৈছে। তথাপিও চৰকাৰে কিয় ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই?

উল্লেখযোগ্য যে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয় যে ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক চুক্তিক লৈ তেওঁ চিন্তিত নহয়। দুয়োখন দেশেই একেলগে নিজৰ ‘মৃত অৰ্থনীতি’ক তললৈ নমাই আনিব পাৰে। আমি ভাৰতৰ সৈতে অতি কম ব্যৱসায় কৰিছো। ভাৰতৰ শুল্ক বিশ্বৰ ভিতৰতে সৰ্বাধিক।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande