দেওঘৰ, ৩১ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ঝাৰখণ্ডত উপস্থিত হয় । দেওঘৰ বিমানবন্দৰত ৰাজ্যপাল সন্তোষ গংগৱাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী দীপিকা পাণ্ডে সিংকে ধৰি অন্যান্য বিষয়াসকলে তেওঁক আদৰণি জনায়।
ৰাজ্যপালগৰাকীয়ে কয় যে শ্ৰাৱণ মাহৰ এই শুভ উপলক্ষে ৰাষ্ট্ৰপতিৰ দেওঘৰত উপস্থিত হোৱাটো সমগ্ৰ ৰাজ্যৰ বাবে আনন্দৰ বিষয়। ৰাজ্যপালগৰাকীয়ে কয় যে দেওঘৰ কেৱল ঝাৰখণ্ডতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এক প্ৰধান আস্থাৰ কেন্দ্ৰ। বিশেষকৈ শ্ৰাৱণ মাহত দেশৰ প্ৰতিটো কোণৰ পৰা লাখ লাখ ভক্ত বাবা বৈদ্যনাথ ধামলৈ জলাভিষেকৰ বাবে আহে।
এই উপলক্ষে জিলা পৰিষদৰ সভাপতি কিৰণ কুমাৰী, আই জি শৈলেন্দ্ৰ কুমাৰ সিনহা, সন্থল পৰগনাৰ উপায়ুক্ত লালচান্দ ডাডেল, ডি আই জি অম্বৰ লাকৰা, উপ আয়ুক্ত সহ জিলা দণ্ডাধীশ নমন প্ৰিয়াশ লাকৰা, আৰক্ষী অধীক্ষক অজিত পিটাৰ ডুংডুঙেও এটি ফুলৰ থোপা আগবঢ়াই ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়।
কটকটীয়া নিৰাপত্তাৰ মাজতে বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতিৰ কনভয় দেওঘৰ এইমছ অভিমুখে ৰাওনা হয়। দেওঘৰ এইমছৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাঁচীলৈ গৈ ৰাজভৱনত নিশাটো থাকিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া