সংসদত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে নিন্দা প্ৰস্তাৱ গৃহীত কৰিবলৈ দাবী মনোজ ঝাৰ
নতুন দিল্লী, ৩০ জুলাই (হি.স.)। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত বুধবাৰে আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় জনতা দলৰ সদস্য মনোজ ঝাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমালোচনা কৰি জনপ্ৰিয় কমিক্সৰ মূল চৰিত্ৰ চাচা চৌধুৰীৰ নেতিবাচক গুণৰ সৈতে তুলনা কৰে। তেওঁ ট
ৰাষ্ট্ৰীয় জনতা দলৰ সদস্য মনোজ ঝা


নতুন দিল্লী, ৩০ জুলাই (হি.স.)। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত বুধবাৰে আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় জনতা দলৰ সদস্য মনোজ ঝাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমালোচনা কৰি জনপ্ৰিয় কমিক্সৰ মূল চৰিত্ৰ চাচা চৌধুৰীৰ নেতিবাচক গুণৰ সৈতে তুলনা কৰে। তেওঁ ট্ৰাম্পৰ বাৰে বাৰে দিয়া যুদ্ধবিৰতিৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁৰ বক্তব্যক একপক্ষীয়ভাৱে গৰিহণা দিয়াৰ বাবে সদনৰ প্ৰস্তাৱ গৃহীত কৰিবলৈ দাবী জনায়। লগতে তেওঁ সদনক ট্ৰাম্পক “শতিকাৰ আটাইতকৈ ডাঙৰ মিছলীয়া” হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়।

মনোজ ঝাই কয় যে পেহেলগাম আক্ৰমণৰ বাবে দেশ সামূহিক যন্ত্ৰণাত ভুগিছে। এই আক্ৰমণত ২৬টা পৰিয়ালক লক্ষ্য কৰি লোৱা হৈছিল আৰু এই দুখ কেৱল সেই পৰিয়ালবোৰৰেই নহয় সমগ্ৰ ভাৰতীয় জনসাধাৰণৰ। চোৰাংচোৱা সংস্থাসমূহৰ হাতত যেতিয়া আক্ৰমণৰ তথ্য আছিল, তেন্তে চৰকাৰে এই বিষয়ত কিয় সুনিৰ্দিষ্ট পদক্ষেপ লোৱা নাছিল? তেওঁ কয় যে এই নিৰাপত্তা ভুলৰ ফলত দেশৰ নিৰাপত্তা ব্যৱস্থা আৰু দায়িত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। পেহেলগামত যি ঘটিল, তাৰ প্ৰতিফলন হৈছে দেশৰ সামূহিক যন্ত্ৰণা। যন্ত্ৰণা কেৱল মৃতকৰ নহয়, আমাৰ সকলোৰে। এতিয়া সময় আহি পৰিছে যে সদনে কওক যে পেহেলগামৰ পৰা আৰম্ভ হোৱা সকলো ঘটনাৰ বাবে আমি দুখী। এই আক্ৰমণৰ বাবে সমগ্ৰ সদনে সামূহিকভাৱে সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে।

তেওঁ কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল শ্লোগান হ’ব নোৱাৰে, ই এক নৈতিক কৰ্তব্য আৰু দায়িত্ব। এই আক্ৰমণত কাশ্মীৰৰ মানুহে প্ৰাণ হেৰুৱাই নহয়, সংহতিও প্ৰকাশ কৰে। কাশ্মীৰত পেহেলগাম আক্ৰমণৰ পিছত শ্বহীদৰ মৃতদেহ কান্ধত লৈ খোজ কাঢ়ি গৈ আছিল, দোকানৰ চাটাৰ বন্ধ কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একত্ৰিত হৈছিল।

কাশ্মীৰৰ কথা উল্লেখ কৰি আৰজেডিৰ সদস্য মনোজ ঝাই কয় যে কাশ্মীৰ কেৱল এটুকুৰা মাটি নহয়, তাত থকা মানুহবোৰো দেশৰ এটা অংশ। যদি কাশ্মীৰৰ জনসাধাৰণ আৰু তাত থকা পৰিস্থিতি ইমান গুৰুত্বপূৰ্ণ, তেনেহ’লে চৰকাৰে তাত থকা নিৰ্বাচিত চৰকাৰখনক সম্পূৰ্ণ সন্মান আৰু অধিকাৰ কিয় নিদিয়ে? কাশ্মীৰত সাৰ্বভৌমত্ব পুনৰ ঘূৰাই অনাটো অতি প্ৰয়োজনীয়।

তেওঁ কয় যে ভাৰতৰ উচ্চতা আৰু প্ৰভাৱ কেৱল সামৰিক শক্তি বা আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইয়াৰ উপস্থিতিৰ দ্বাৰাই নহয়, ইয়াৰ নৈতিক শক্তি আৰু মানৱতাৰ দ্বাৰাও বৃদ্ধি পায়। ১৯৫৫ চনত এছিয়া আৰু আফ্ৰিকান দেশসমূহে ঔপনিৱেশিক শক্তিসমূহৰ বিৰুদ্ধে অনুষ্ঠিত কৰা বাডুংগ সন্মিলনৰ কথা মনত পেলাই তেওঁ কয় যে বাডুংগ সন্মিলনৰ বৰ্ষপূৰ্তিত দেশখনত কোনো কাৰ্যসূচী আয়োজন কৰা হোৱা নাছিল। আমি পাহৰিলোঁ। আমি ক’ত উপনীত হ’লোঁ? চৰকাৰে পাহৰিলে সেই ঐতিহাসিক মুহূৰ্ত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande