বৰপেটা, ৩০ জুলাই (হি.স.)। কয়াকুছি আৰক্ষীৰ জালত ভুৱা দন্ত চিকিৎসক জিয়াৰত হুছেইন। ৰাজ্যত অব্যাহত আছে ভুৱা দন্ত চিকিৎসকৰ দপদপনি।নতুন দিল্লীৰ পাহাৰগঞ্জৰ পৰা আটক জিয়াৰত হুছেইনক।
বৰপেটাৰ হাউলীত চেম্বাৰ পাতি দীৰ্ঘ দিনে দাঁতৰ চিকিৎসা কৰি অহা ভুৱা দন্ত চিকিৎসক জিয়াৰত হুছেইন অৱশেষত পৰিল আৰক্ষীৰ জালত।কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কমল বড়োৰ নেতৃত্বত নতুন দিল্লীৰ পাহাৰগঞ্জৰ পৰা আটক কৰা হয় ভুৱা দন্ত চিকিৎসক জিয়াৰত হুছেইনক।যোৱা পৰহি আটক কৰা ভুৱা দন্ত চিকিৎসক জিয়াৰত হুছেইনক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উল্লেখ যে বৰপেটাৰ সোনকুছিৰ ভুৱা জিয়াৰত হুছেইনৰ বিৰুদ্ধে হাউলী আৰক্ষী চকীত ৰুজু হৈ আছে এক গোচৰ। কয়াকুছি আৰক্ষী চকীত ৰুজু হোৱা আন এক গোচৰৰ ভিত্তিত নতুন দিল্লীৰ পাহাৰগঞ্জত অভিযান চলাই আটক কৰে জিয়াৰত হুছেইনক। জানিব পৰা মতে দীৰ্ঘদিন ধৰি নতুন দিল্লীৰ পাহাৰগঞ্জত আত্মগোপন কৰি আছিল জিয়াৰত হুছেইন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ