নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যন আৰু এ অ চি লেবাৰ ইউনিয়নৰ উদ্যোগত আবৃত্তি, শিশু নাট কৰ্মশালা
তিনিচুকীয়া, ০৩ জুলাই (হি.স.)। নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যন আৰু এ অ চি লেবাৰ ইউনিয়নৰ যৌথ উদ্যোগত ডিগবৈত ১ জুলাইৰ পৰা ৬ দিনীয়া আবৃত্তি আৰু শিশু নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এ‌ অ চি লেবাৰ ইউনিয়নৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কৰ্মশালা‌ত ডিব্ৰুগড় আকাশ
ডিগবৈত অনুষ্ঠিত হৈছে


তিনিচুকীয়া, ০৩ জুলাই (হি.স.)। নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যন আৰু এ অ চি লেবাৰ ইউনিয়নৰ যৌথ উদ্যোগত ডিগবৈত ১ জুলাইৰ পৰা ৬ দিনীয়া আবৃত্তি আৰু শিশু নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এ‌ অ চি লেবাৰ ইউনিয়নৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কৰ্মশালা‌ত ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ শিল্পী ভৈৰৱ গোহাঁই আৰু ফিল'বাৰীৰ আবৃত্তিকাৰ মৃণ্ময় বাগশীয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে।

কবি মণিকা শেনচোৱাই আটধৰা উদ্বোধনী অনুষ্ঠানত এই এই অ চি লেবাৰ ইউনিয়নৰ সভাপতি মুখেশ্বৰ দাস, নৱ অসম নিৰ্মাণ ফাউণ্ডেশ্যনৰ উপ সভাপতি ৰাহুল শেনচোৱা ই বক্তব্য ৰাখে। কৰ্মশালাত অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অহা ৬ জুলাইত সামৰণি অনুষ্ঠানত জনপ্ৰিয় অসমীয়া চিনেমা ভাইমনদাৰ পৰিচালক শশাংক সমীৰ উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande