চিৰাংত মন্ত্ৰী কৌশিক ৰাইৰ উপস্থিতিত জিলা বিজেপিৰ সাংগঠনিক বৈঠক অনুষ্ঠিত
চিৰাং, ০৩ জুলাই (হি.স.)। বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইউপিপিএল, বিপিএফ দলৰ লগতে বিজেপি দলেও আৰম্ভ কৰি দিছে ব্যাপক ৰাজনৈতিক তৎপৰতা । আজি চিৰাং জিলা সদৰ কাজলগাঁৱত মন্ত্ৰী কৌশিক ৰাইৰ উপস্থিতিত চিৰাং জিলা বিজেপিৰ সাংগঠনিক বৈঠক অনুষ্ঠিত হয
চিৰাংত মন্ত্ৰী কৌশিক ৰাইৰ উপস্থিতিত জিলা বিজেপিৰ সাংগঠনিক বৈঠক অনুষ্ঠিত


চিৰাং, ০৩ জুলাই (হি.স.)। বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইউপিপিএল, বিপিএফ দলৰ লগতে বিজেপি দলেও আৰম্ভ কৰি দিছে ব্যাপক ৰাজনৈতিক তৎপৰতা । আজি চিৰাং জিলা সদৰ কাজলগাঁৱত মন্ত্ৰী কৌশিক ৰাইৰ উপস্থিতিত চিৰাং জিলা বিজেপিৰ সাংগঠনিক বৈঠক অনুষ্ঠিত হয় ।

আগন্তুক বিটিচি নিৰ্বাচনত চিৰাং জিলাৰ সাতোটা পৰিষদীয় সমষ্টিতে বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিচাৰিছে চিৰাং বিজেপিৰ দলীয় কৰ্মীয়ে এই দাবী বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ । মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি উল্লেখ কৰা অনুসৰি বিটিচি নিৰ্বাচনত ইউপিপিএল দলৰ সৈতে কোনো ধৰনৰ মিত্ৰতা নাথাকে।

অহা ৯ জুলাই তাৰিখে উন্নয়নৰ বাৰ্তা লৈ চিৰাঙত উপস্থিত হ'ব মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । উদ্বোধন কৰিব চিৰাং জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্য্যালয় । মুখ্যমন্ত্ৰীৰ চিৰাং জিলা ভ্ৰমনৰ আগমূহুৰ্তত কাজলগাঁও পৌৰসভাৰ কাৰ্যালয়ত মন্ত্ৰী কৌশিক ৰাইৰ উপস্থিতিত চিৰাং জিলা বিজেপিৰ দলৰ দলীয় কৰ্মী সভা অনুষ্ঠিত হয়।

সভাত বিধায়ক অজয় ৰায় ,বিটিচিৰ ইএম অৰূপ কুৰম দে, পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande