ওদালগুৰিত বিজেপিৰ নিৰ্বাচনৰ ৰনডংকা
ওদালগুৰি, ০৩ জুলাই (হি.স.)। ওদালগুৰিত নিৰ্বাচনৰ ৰনডংকা বজাইছে শাসকীয় বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা তথা ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়াই কাৰ্য্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। বিকশিত বিটিআৰ প্ৰগতিশীল বিটিআৰৰ শ্লোগানেৰে বিটিআৰত নিৰ্বাচন খেল
ওদালগুৰিত বিজেপিৰ নিৰ্বাচনৰ ৰনডংকা


ওদালগুৰি, ০৩ জুলাই (হি.স.)। ওদালগুৰিত নিৰ্বাচনৰ ৰনডংকা বজাইছে শাসকীয় বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা তথা ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়াই কাৰ্য্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। বিকশিত বিটিআৰ প্ৰগতিশীল বিটিআৰৰ শ্লোগানেৰে বিটিআৰত নিৰ্বাচন খেলিব শাসকীয় দলে। আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে বিটিআৰ নিৰ্বাচন খেলাৰ কথা ।

ইফালে বিটিআৰ ১০ আগষ্ট পৰা প্ৰতিটো পাৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰীয়ে বিজয় সকল্প যাত্ৰা কৰিব । বিটিআৰ ৰক্ষা, সুৰক্ষা আৰু উন্নয়নৰ বাবে নিৰ্বাচন খেলিব বুলি মুখ্যমন্ত্ৰীয়ে ব্য়ক্ত কৰে । তেওঁ কয় যে দেৰ লাখ মহিলাই উদ্যমিতা আঁচনিৰ লাভ পাব। খিলঞ্জীয়া লোকে মাটি অধিক পাব লাগিব । বিটিআৰত বিকাশ বাবে নিৰ্বাচন খেলিব বিজেপিয়ে। বিটিআৰৰ পৰিচালনাৰ বাবে যোগ্য জনক চয়ন কৰিব লাগিব বিজেপিয়ে ।

বিটিআৰত কোনো লোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাবে বসবাস কৰিব নালাগিব। বিটিআৰত ভাল ফলাফল দেখুওৱালে ২০২৬ চনত তৃতীয় বাৰৰ বাবে ৰাজ্যত বিজেপিৰ চৰকাৰ হ’ব। কংগ্ৰেছক দিনতেই বিটিআৰত শান্তি বিছৰা নাছিল। কংগ্ৰেছৰ ৰাজনীতি হৈছে হত্যা আৰু হিংসা ৰাজনীতি।

য’তেই কাৰ্যকতাই বিছাৰিব তাতেই বিটিআৰত নিৰ্বাচন খেলিব ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande