বেইজিং, ২৮ জুলাই (হি.স.)। চীনত হোৱা প্ৰচণ্ড বৰষুণে বৃহৎ অংশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰায়বোৰ নদী আৰু নৈৰ জলস্তৰ উফণ্ডি উঠিছে। ইফালে উত্তৰ চীনৰ হেবেই প্ৰদেশৰ এখন গাঁৱত সোমবাৰে পুৱা সংঘটিত হোৱা ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৮ জন নিৰুদ্দেশ হৈছে।
গ্ল’বেল টাইমছৰ বাতৰি অনুসৰি স্থানীয় বিষয়াসকলে জনোৱা মতে, চেংডে চহৰৰ লুয়ানপিং কাউন্টিত অৱস্থিত গাঁওখনত হোৱা প্ৰচণ্ড বৰষুণৰ মাজতে এই ভূমিস্খলন সংঘটিত হৈছে। উদ্ধাৰ অভিযান চলি আছে। ইয়াৰ উপৰিও ৰাজধানী বেইজিং আৰু হেবেই প্ৰদেশকে ধৰি উত্তৰ চীনৰ বহু অঞ্চল প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ কবলত পৰিছে।
পৌৰসভাৰ বিষয়াসকলৰ মতে, সোমবাৰে বেইজিঙত বানপানীৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সোমবাৰৰ পুৱাৰ পৰা মঙলবাৰৰ পুৱালৈকে য়াংকিং, হুয়াইৰৌ আৰু মিয়ুন জিলাৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ কথা সকীয়াই দিয়া হৈছিল ।
ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে হেবেই প্ৰদেশৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় বাজেটৰ পৰা ৫ কোটি ইউয়ান (৬.৯৭ মিলিয়ন ডলাৰ) আবণ্টন দিছে। আজি বেইজিঙত ক্ৰীড়া কাৰ্যকলাপ স্থগিত ৰখা হৈছে।
বেইজিং ইমাৰ্জেন্সি মেনেজমেণ্ট ব্যুৰোৱে কয় যে চাওবাই নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে। মঙলবাৰে পুৱা ১০ বজাৰ ভিতৰত মহানগৰীৰ অধিকাংশ অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব। ইয়াৰ ফলত পাহাৰীয়া অঞ্চলত বানপানী আৰু ভূমিস্খলনৰ আশংকা বৃদ্ধি পায়। শনিবাৰৰ পৰা দেওবাৰলৈ দেশত অবিৰত বৰষুণৰ বাবে হেবেই, বেইজিং, ইনাৰ মংগোলিয়া, ছানচি, শ্বানছি, ইউনান আৰু জিনজিয়াঙৰ ৩১খন নদী বিপদ চিহ্নৰ ওপৰেৰে বৈ আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া