ভুটানৰ গেলেফু চহৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত
গেলেফু, ২৮ জুলাই (হি.স.)। চিৰাং জিলাৰ গাতে লাগি থকা চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ গেলেফু চহৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ দাদগিৰিৰ পৰা ভুটানৰ গেলেফু চহৰৰ প্ৰৱেশদ্বাৰৰ সমীপতে নৱনিৰ্মিত ইমিগ্ৰেচন
ভুটানৰ গেলেফু চহৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত


গেলেফু, ২৮ জুলাই (হি.স.)। চিৰাং জিলাৰ গাতে লাগি থকা চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ গেলেফু চহৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ দাদগিৰিৰ পৰা ভুটানৰ গেলেফু চহৰৰ প্ৰৱেশদ্বাৰৰ সমীপতে নৱনিৰ্মিত ইমিগ্ৰেচন কাৰ্য্যলয় গৃহত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।

নিৰ্মাণকাৰ্য্য চলি থকা অৱস্থাতেই খুব সম্ভৱ বৈদ্যুতিক বিজুতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰাথমিক ভাবে অনুমান কৰা হৈছে । অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক হতাহত হৈছে নে নাই এই সন্দৰ্ভত জানিব পৰা হোৱা নাই । ভুটানৰ অগ্নিনিৰ্ব্বাপন বাহিনীৰ দলে জুঁই নিৰ্বাপন কৰিবলৈ কামত লাগি আছে । আজিৰ অগ্নিকাণ্ডৰ ঘটনাৰ পিছত ভুটানলৈ ভাৰতীয় পৰ্য্যটকৰ প্ৰৱেশ সাময়িক ভাবে বন্ধ ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande