অভিনেতা ছাইফ আলীৰ ওপৰত ছুৰীৰে আঘাত কৰা গোচৰত অভিযুক্তৰ জামিন আবেদনৰ বিৰোধিতা আৰক্ষীৰ
মুম্বাই, ২৬ জুলাই (হি.স.)। মুম্বাইত বলীউড অভিনেতা ছাইফ আলী খানৰ ঘৰ ভাঙি ছুৰীৰে আঘাত কৰা বাংলাদেশী নাগৰিকৰ জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে আদালতত কয় যে অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত ফৰেনছিক প্ৰমাণ আছে। অভিযুক্তক জামিন লাভ
অভিনেতা ছাইফ আলী


মুম্বাই, ২৬ জুলাই (হি.স.)। মুম্বাইত বলীউড অভিনেতা ছাইফ আলী খানৰ ঘৰ ভাঙি ছুৰীৰে আঘাত কৰা বাংলাদেশী নাগৰিকৰ জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে আদালতত কয় যে অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত ফৰেনছিক প্ৰমাণ আছে। অভিযুক্তক জামিন লাভ কৰিলে অভিযুক্ত বাংলাদেশলৈ পলায়ন কৰিব পাৰে। আৰক্ষীৰ পক্ষক বৈধ বুলি ঘোষণা কৰি আদালতে গোচৰৰ শুনানি ১ আগষ্টলৈ স্থগিত ৰাখিছে।

এই গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে শনিবাৰে কয় যে ৩০ বছৰীয়া অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদে শেহতীয়াকৈ জেলৰ পৰাই চেচনছ কোৰ্টত জামিন আবেদন দাখিল কৰিছে। এই জামিন আবেদনত অভিযুক্তই দাবী কৰিছে যে তেওঁক এই গোচৰত মিছাকৈ জড়িত কৰা হৈছে আৰু তেওঁ দীৰ্ঘদিন ধৰি জেলত আছে। এই আবেদনৰ প্ৰতি সঁহাৰি জনাই আৰক্ষীয়ে উত্তৰ দাখিল কৰে যে অভিযুক্ত শ্বৰীফুল ইছলামৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ আছে কাৰণ তেওঁ এজন বাংলাদেশী নাগৰিক যিয়ে অবৈধভাৱে ভাৰতত বাস কৰি আছে। গতিকে জামিনত মুক্তি পালে বাংলাদেশলৈ পলায়ন কৰাৰ সম্ভাৱনা প্ৰবল।

ফৰেনছিক লেবৰেটৰীৰ তথ্যৰ উদ্ধৃতি দি আৰক্ষীয়ে নিজৰ দাবী নিশ্চিত কৰে যে আক্ৰমণৰ সময়ত অভিনেতা খানৰ মেৰুদণ্ডৰ ওচৰত পোৱা কটাৰীৰ টুকুৰা আৰু অপৰাধস্থলীৰ পৰা উদ্ধাৰ হোৱা কটাৰীৰ টুকুৰা সন্দেহজনক লোকজনৰ পৰা জব্দ কৰা অস্ত্ৰৰ সৈতে মিল আছে। ৯ এপ্ৰিলত আৰক্ষীয়ে এই গোচৰৰ ১০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল, য’ত গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত লোকজনক আক্ৰমণৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা গুৰুত্বপূৰ্ণ ফৰেনছিক প্ৰমাণ সন্নিবিষ্ট কৰা হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১৬ জানুৱাৰীত এজন অভিযুক্তই অভিনেতা খানক বান্দ্ৰাৰ ১২ নং মহলাৰ এপাৰ্টমেণ্টত একাধিকবাৰ ছুৰীৰে আঘাত কৰিছিল। ৫৪ বছৰীয়া অভিনেতা খানৰ লীলাৱতী হাস্পতালত জৰুৰী অস্ত্ৰোপচাৰ কৰা হয়। পাঁচ দিনৰ পিছত তেওঁক ডিচচাৰ্জ দিয়া হয়। ঘটনাৰ দুদিন পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande