ঐতিহাসিক গৌৰৱৰ মুহূৰ্তঃ সংসদ ৰত্ন বঁটাৰে সন্মানিত দিলীপ শইকীয়া, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম সাংসদ
গুৱাহাটী, ২৬ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে মঙলদৈৰ সাংসদ তথা বিজেপি অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক সংসদ ৰত্ন বঁটা-২০২৫ লাভ কৰাৰ বাবে আনন্দ আৰু গৌৰৱেৰে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্মান তেওঁৰ দৃষ্টান্তমূলক সংসদীয় কাম, জনস্বাৰ্থৰ প
বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়া


গুৱাহাটী, ২৬ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে মঙলদৈৰ সাংসদ তথা বিজেপি অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক সংসদ ৰত্ন বঁটা-২০২৫ লাভ কৰাৰ বাবে আনন্দ আৰু গৌৰৱেৰে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্মান তেওঁৰ দৃষ্টান্তমূলক সংসদীয় কাম, জনস্বাৰ্থৰ প্ৰতি নিষ্ঠা আৰু অনুশাসিত গণতান্ত্ৰিক আচৰণৰ বাবে দিয়া হৈছে।

এই সন্মানীয় বঁটা লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন সাংসদ হিচাপে পৰিগণিত হৈছে দিলীপ শইকীয়া। কেৱল শইকীয়াৰ ব্যক্তিগত সাফল্যৰ বাবেই নহয়, অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবেও বিজেপিয়ে ইয়াক এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে। দলটোৱে কয় যে এই সন্মান তেওঁৰ সংসদত সক্ৰিয় অংশগ্ৰহণ, বিধায়নী আলোচনা আৰু সমিতিসমূহত অৱদানৰ প্ৰতিফলন।

বিজেপিয়ে কয় যে এই গৌৰৱৰ মুহূৰ্তটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ গণতান্ত্ৰিক যাত্ৰাত এক সোণালী অধ্যায় সংযোজন কৰে। এই ঐতিহাসিক সাফল্যৰ বাবে ৰাজ্যিক বিজেপি পৰিয়ালে শইকীয়াক অভিনন্দন জনায়।

দলটোৱে আশা প্ৰকাশ কৰে যে শইকীয়াৰ নেতৃত্ব আৰু সংসদীয় আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ উত্তৰ-পূৰ্বাঞ্চলৰ অধিক পুত্ৰ-কন্যাই ৰাষ্ট্ৰীয় মঞ্চত নিজৰ স্থান দখল কৰি সেৱা আৰু প্ৰদৰ্শনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande