মণিপুৰত নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ ৯০টা আগ্নেয়াস্ত্ৰ, ৭২৮ জাঁই গুলী
ইম্ফল, ২৬ জুলাই (হি.স.)। মণিপুৰ আৰক্ষী, চি আৰ পি এফ, বি এছ এফ, সেনা আৰু অসম ৰাইফলছৰ যুটীয়া বাহিনীয়ে ৰাজ্যৰ উপত্যকা জিলাসমূহৰ কেইবাটাও আত্মগোপন স্থানৰ পৰা ৯০টা আগ্নেয়াস্ত্ৰ আৰু ৭২৮ ৰাউণ্ড গুলীসহ বৃহৎ সংখ্যক অবৈধ আগ্নেয়াস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক আ
মণিপুৰত নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ ৯০টা আগ্নেয়াস্ত্ৰ, ৭২৮ জাঁই গুলী


ইম্ফল, ২৬ জুলাই (হি.স.)। মণিপুৰ আৰক্ষী, চি আৰ পি এফ, বি এছ এফ, সেনা আৰু অসম ৰাইফলছৰ যুটীয়া বাহিনীয়ে ৰাজ্যৰ উপত্যকা জিলাসমূহৰ কেইবাটাও আত্মগোপন স্থানৰ পৰা ৯০টা আগ্নেয়াস্ত্ৰ আৰু ৭২৮ ৰাউণ্ড গুলীসহ বৃহৎ সংখ্যক অবৈধ আগ্নেয়াস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক আৰু যুদ্ধ সামগ্ৰী উদ্ধাৰ কৰিছে। সাধাৰণ আৰু গৃহ বিভাগৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে হিংসাত্মক উপত্যকাত অবৈধ অস্ত্ৰ-শস্ত্ৰৰ বিশাল মজুত ধ্বংস কৰাৰ এই অভিযানক এক বৃহৎ সফলতা বুলি অভিহিত কৰিছে।

ইম্ফলস্থিত ৰাজ্যিক আৰক্ষী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আৰক্ষী মহাপৰিদৰ্শক (আইজিপি) কবিব কে. য়ে কয় যে এই অভিযান পুৱতি নিশা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা হৈছিল। তথ্য লাভ কৰা হৈছে যে ৰাজ্যখনৰ উপত্যকা জিলাসমূহৰ সীমান্তৱৰ্তী ঘন বনাঞ্চলত বৃহৎ সংখ্যক আগ্নেয়াস্ত্ৰ, গুলী আৰু যুদ্ধ সামগ্ৰী মজুত কৰি ৰখা হৈছে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আজি পুৱা ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তৱৰ্তী ঘন বনাঞ্চলত যৌথ বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। এই অভিযানত আগ্নেয়াস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক আৰু যুদ্ধ সামগ্ৰীকে ধৰি মুঠ ৯০টা আগ্নেয়াস্ত্ৰ আৰু ৭২৮ ৰাউণ্ড গুলী উদ্ধাৰ কৰা হৈছে।

আৰক্ষী মহাপৰিদৰ্শক কবিব কে.য়ে জনোৱা মতে, উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰসমূহৰ ভিতৰত আছে তিনিটা এ কে ছিৰিজ ৰাইফল, এটা এম-১৬ ৰাইফল, এটা ইনছাছ এল এম জি, ৫টা ইনছাছ ৰাইফল, আঠটা এছ এল আৰ, সাতটা .৩০৩ ৰাইফল, ২০টা পিষ্টল, চাৰিটা কাৰবাইন, আন আঠটা ৰাইফল, ২০টা এছ বি বি এল/ব’ৰ একচন গান, তিনিটা এণ্টি ৰিয়েট গান, এটা লেথড গান, তিনিটা ডিবিবিএল, ছটা বল্ট একচন গান, তিনিটা দুইঞ্চি মৰ্টাৰ আৰু এটা স্থানীয়ভাৱে নিৰ্মিত পাইপ গান। ইয়াৰ উপৰিও মুঠ ৭২৮ জাঁই গুলী উদ্ধাৰ কৰা হৈছে। ইয়াত ৭.৬২ মিমিৰ ৩৯৯ গুলী, ৫.৫৬ মিলিমিটাৰৰ ২২৮ গুলী, পইণ্ট ৩০৩ৰ ৩৫ গুলী, ৯ মিলিমিটাৰৰ ২৩ গুলী, পইণ্ট ৩২ মিমিৰ ছটা গুলী, ২১টা গ্ৰেনেড, এটা এইচ ই মৰ্টাৰ শ্বেল, ৯টা টিউব লঞ্চিং ডিভাইচ, ছটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) আৰু বিভিন্ন ধৰণৰ মেগজিন আদি অন্তৰ্ভুক্ত কৰা হৈছে।

মণিপুৰত অশান্তি ৰোধ, জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভাবুকি নিষ্ক্ৰিয় কৰি দীৰ্ঘম্যাদী শান্তি নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ স্থায়ী চোৰাংচোৱা-চালিত কৌশলৰ অংশ বুলিও আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে কয়। আই জি পিয়ে মণিপুৰৰ সাধাৰণ আৰু আৰক্ষী প্ৰশাসনৰ প্ৰতি আইন-শৃংখলা আৰু নাগৰিকৰ সুৰক্ষা বজাই ৰখাৰ প্ৰতি দৃঢ় দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি জনসাধাৰণক সহযোগিতা আৰু অবৈধ অস্ত্ৰ মজুতকৰণৰ সৈতে জড়িত যিকোনো সন্দেহজনক কাৰ্যকলাপ তৎকালীনভাৱে ওচৰৰ আৰক্ষী থানা বা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষত খবৰ দিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande