গোৱাৰ ২০ সংখ্যক ৰাজ্যপাল ৰূপে অশোক গজপতি ৰাজুৰ পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ
পানাজী, ২৬ জুলাই (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ জ্যেষ্ঠ নেতা অশোক গজপতি ৰাজুৱে শনিবাৰে গোৱাৰ ২০ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে । পানাজিৰ ৰাজভৱনত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়
গোৱাৰ ২০ সংখ্যক ৰাজ্যপাল ৰূপে অশোক গজপতি ৰাজুৰ পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ


পানাজী, ২৬ জুলাই (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ জ্যেষ্ঠ নেতা অশোক গজপতি ৰাজুৱে শনিবাৰে গোৱাৰ ২০ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে । পানাজিৰ ৰাজভৱনত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত তেওঁক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায় বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আলোক আৰাধে।

শেহতীয়াকৈ চাৰি বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱা পি এছ শ্ৰীধৰণ পিল্লাইৰ ঠাইত স্থালাভিষিক্ত হৈছে ৭৪ বছৰীয়া গজপতি ৰাজুৱে। ২৪ জুলাইত পিল্লাইক ৰাজ্যিক সন্মানেৰে বিদায় দিয়া হয়।শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, চৰকাৰী উচ্চপদস্থ বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে ৰাজুৱে কয় যে তেওঁ জনসাধাৰণৰ সেৱা কৰি ভাৰতৰ সংবিধান মানি চলিব। তেওঁ কয় যে আমি সকলোৱে এটা দল হিচাপে কাম কৰোঁ আৰু মই সুখী যে মই গোৱাৰ জনসাধাৰণৰ সৈতে জড়িত হৈছো। তেওঁ কয়, যদিও মই স্থানীয় ভাষা বুজি নাপাওঁ আৰু এইটো মোৰ এই (ৰাজ্যপালৰ) কাৰ্যালয়ত প্ৰথম নিযুক্তি, তথাপিও ৰাজনৈতিক ব্যৱস্থাত মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে। অন্ধ্ৰপ্ৰদেশক দুখন ৰাজ্যত বিভক্ত হোৱাৰ পূৰ্বে মই ৭বাৰ বিধায়ক আছিলো।

ৰাজনৈতিক জীৱনৰ কথা উল্লেখ কৰি তেওঁ কয় যে সংসদত তেওঁৰ কাৰ্যকাল অতি কম। মই চৰকাৰত মন্ত্ৰী হিচাপে বাহিৰ-ভিতৰ হৈছো আৰু বিৰোধী দলতো বহিছো। মোৰ বিস্তৃত অভিজ্ঞতা আছে। অন্ধ্ৰ প্ৰদেশৰ তেলেগু দেশম পাৰ্টিৰ জ্যেষ্ঠ নেতা গজপতি ৰাজুৱে ২০১৪ চনৰ ২৭ মে’ৰ পৰা ২০১৮ চনৰ ১০ মাৰ্চলৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সাংবাদিকক সম্বোধন কৰি ৰাজ্যপাল ৰাজুৱে কয় যে তেওঁ গোৱাবাসীৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। তেওঁ ক'লে, মই আপোনাৰ বাবে কাম কৰিবলৈ আগ্ৰহী, বা সঁচাকৈয়ে আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande