গুমলা, ২৬ জুলাই (হি.স.)। ঝাৰখণ্ডৰ গুমলা জিলাৰ ঘগ্ৰা থানা এলেকাৰ লাভা ডাগ বনাঞ্চলত নিষিদ্ধ উগ্ৰপন্থী সংগঠন ঝাৰখণ্ড জন মুক্তি পৰিষদৰ তিনিজন উগ্ৰপন্থীক আৰক্ষীয়ে সংঘৰ্ষত হত্যা কৰে। আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও উদ্ধাৰ কৰিছে।
নক্সাল বিৰোধী এই অভিযানত গুমলা জিলাৰ ঘগ্ৰা, বিষাণপুৰ আৰু গুমলা আৰক্ষী থানাৰ আৰক্ষীৰ লগতে ঝাৰখণ্ড জাগুয়াৰৰ জোৱানসকলো জড়িত আছিল। এই যৌথ অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়েও সেই স্থানৰ পৰা তিনিটা অস্ত্ৰ উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এ কে ৪৭ আৰু দুটা ইনছাছ ৰাইফল।
গুমলাৰ আৰক্ষী অধীক্ষক হৰিশ বিন জামাই জনোৱা মতে, জেজেএমপিৰ অধিনায়ক দিলীপ লোহাৰা এটা দলৰ সৈতে এই অঞ্চলত উপস্থিত থকাৰ গোপন তথ্য লাভ কৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে এটা দল গঠন কৰি অঞ্চলটো ঘেৰাও কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীক দেখাৰ লগে লগে উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰে। আৰক্ষীৰ প্রতিশোধ স্বৰূপে বনাঞ্চলতেই তিনিজন উগ্ৰপন্থী নিহত হয়। এছ এল আৰৰ উপৰিও তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে।
আৰক্ষী অধীক্ষকগৰাকীয়ে এই পৰ্যন্ত তিনিজন উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এটা মৃতদেহ চিনাক্ত কৰিছে আৰক্ষীয়ে। এই এনকাউণ্টাৰত নিহত উগ্ৰপন্থীসকলৰ ভিতৰত এজন জেজেএমপিৰ চাব-জোনেল কমাণ্ডাৰ দিলীপ বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোত অনুসন্ধান অভিযান চলোৱা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া