হোজাই, ২৬ জুলাই (হি.স.): হোজাইত পুনৰ প্ৰৱেশ কৰিছে উচ্ছেদিত বেদখলকাৰীয়ে । শুক্ৰবাৰে বিয়লি স্থানীয় ৰাইজে বেদখলকাৰীৰ বাহন আবদ্ধ কৰি আৰক্ষীক চমজাই দিয়ে।
উল্লেখ্য উৰিয়ামঘাটত উচ্ছেদিত লোক সকলক উচ্ছেদৰ জাননী দিয়াৰ পিছতেই এতিয়া হোজাইত ঢাপলি মেলিছে বেদখলকাৰীয়ে। উচ্ছেদিত লোক সকলে উৰিয়াম ঘাটৰ পৰা হোজাইৰ যোগিজান বজ্ৰপুৰত গৈ থকা সময়ত স্থানীয় ৰাইজে টাটা মোবাইল বাহন খনক বাধা প্ৰদান কৰি আৰক্ষীক চমজাই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ