মণিপুৰঃ ব্ৰাউন চুগাৰ আৰু গাঞ্জা সৰবৰাহৰ ৰেকেট ধ্বংস, গ্ৰেপ্তাৰ ৩ জন
চুৰাচান্দপুৰ (মণিপুৰ), ২৬ জুলাই (হি.স.)। মণিপুৰৰ চুৰাচান্দপুৰ জিলাত দুটা পৃথক অভিযানত ড্ৰাগছ সৰবৰাহৰ গুৰুতৰ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰথম অভিযানত আৰক্ষীয়ে বেহিয়াং বাছ পাৰ্কিঙৰ পৰা টনজাং গাঁৱৰ বাসিন্দা ৫৩ বছৰীয়া হাউয়ানলাল ফিয়ামফুক গ্ৰেপ্তাৰ
মণিপুৰঃ ব্ৰাউন চুগাৰ আৰু গাঞ্জা সৰবৰাহৰ ৰেকেট ধ্বংস, গ্ৰেপ্তাৰ ৩ জন


চুৰাচান্দপুৰ (মণিপুৰ), ২৬ জুলাই (হি.স.)। মণিপুৰৰ চুৰাচান্দপুৰ জিলাত দুটা পৃথক অভিযানত ড্ৰাগছ সৰবৰাহৰ গুৰুতৰ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

প্ৰথম অভিযানত আৰক্ষীয়ে বেহিয়াং বাছ পাৰ্কিঙৰ পৰা টনজাং গাঁৱৰ বাসিন্দা ৫৩ বছৰীয়া হাউয়ানলাল ফিয়ামফুক গ্ৰেপ্তাৰ কৰে। তেওঁৰ তালাচীৰ সময়ত আৰক্ষীয়ে ১৬৮ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। জেৰাৰ সময়ত অভিযুক্তই খেনজাং গাঁৱৰ সমীপত গ্ৰেপ্তাৰ হোৱা থংখোলুই গাঁৱৰ নিবাসী ৩৩ বছৰীয়া লম্মিনলাল হাওকিপৰ নাম প্ৰকাশ কৰে। চোৰাং ব্যৱসায়ত ব্যৱহাৰ কৰি থকা এখন হোণ্ডা এক্টিভা স্কুটাৰ কেন্দ্ৰ চুৰাচান্দপুৰৰ এখন বাহন পাৰ্কিং লটৰ পৰা জব্দ।

দ্বিতীয়টো অভিযানত নিৰাপত্তা বাহিনীয়ে জিৰিবাম জিলাৰ এফ চি পি চেক প’ষ্টত এখন টাটা ট্ৰাক তালাচী চলায়। ইয়াৰ পৰা উদ্ধাৰ হৈছে ২২০ কেজি গাঞ্জা। নোনি জিলাৰ খুমজী গাঁৱৰ নিবাসী ট্ৰাক চালক এছ কে কাফুনলুং (৪৩ বছৰ)ক সেই স্থানৰ পৰাই গ্ৰেপ্তাৰ কৰা হয়।

দুয়োটা গোচৰতে আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰি অধিক তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande