নবীকৰণ মাচুল নিদিয়াৰ বাবে ১৩ জন বিনিয়োগ উপদেষ্টাৰ পঞ্জীয়ন বাতিল কৰিলে ছেবিয়ে
- নবীকৰণ মাচুল নিদিয়াৰ বাবে ১৩টা সত্তাৰ বিনিয়োগ উপদেষ্টা হিচাপে পঞ্জীয়ন বাতিল নতুন দিল্লী ২৫ জুলাই (হি.স.)। কেপিটেল মাৰ্কেট ৰেগুলেটৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়াই শুকুৰবাৰে ১৩টা সত্তাৰ বিনিয়োগ উপদেষ্টা হিচাপে পঞ্জীয়ন বাতিল কৰে। এ
ছেবি


- নবীকৰণ মাচুল নিদিয়াৰ বাবে ১৩টা সত্তাৰ বিনিয়োগ উপদেষ্টা হিচাপে পঞ্জীয়ন বাতিল

নতুন দিল্লী ২৫ জুলাই (হি.স.)। কেপিটেল মাৰ্কেট ৰেগুলেটৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়াই শুকুৰবাৰে ১৩টা সত্তাৰ বিনিয়োগ উপদেষ্টা হিচাপে পঞ্জীয়ন বাতিল কৰে। এই কোম্পানীসমূহে নবীকৰণ মাচুল আদায় দিয়াত ব্যৰ্থ হৈছে।

মূলধনী বজাৰ নিয়ন্ত্ৰকে নিজৰ আদেশত কয় যে, “জাননীসমূহৰ (১৩টা সত্তা) বিনিয়োগ উপদেষ্টা হিচাপে পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰাৰ উদ্দেশ্য হৈছে অজ্ঞান বিনিয়োগকাৰীয়ে ছেবিত তেওঁলোকৰ ম্যাদ উকলি যোৱা পঞ্জীয়ন প্ৰমাণপত্ৰৰ অপব্যৱহাৰ ৰোধ কৰা।” অৱশ্যে মূলধনী বজাৰ নিয়ন্ত্ৰকগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই সত্তাসমূহৰ পঞ্জীয়ন বাতিল হোৱাৰ পিছতো বিনিয়োগ উপদেষ্টা হিচাপে তেওঁলোকৰ পূৰ্বৰ কাৰ্য্য বা গাফিলতিৰ বাবে তেওঁলোক দায়ী হৈ থাকিব।

ছেবিয়ে পঞ্জীয়ন প্ৰমাণ পত্ৰ বাতিল কৰা ১৩টা সত্তাৰ ভিতৰত আছে মঞ্জিত সিং ভোহৰা, তৰুণ কুমাৰ সপ্ৰা, গৌৰী সুগণ্য বি, সঞ্জয় সুবোধচন্দ্ৰ শুক্লা, শ্বাজী জৰ্জ, ৰবি মিত্তল, ভিবিএছ ইনভেষ্টমেণ্টছ, ৰবিশংকৰ কে আয়েৰ, এমজি ফাণ্ডছ, সন্দীপ আহুজা, হৰ্ষ আগৰৱাল, বৰুণ জালান আৰু গৌৰৱ কেডিয়া। ছেবি (বিনিয়োগ উপদেষ্টা) নিয়মাৱলীৰ অধীনত পঞ্জীয়ন কাৰ্যকৰী কৰি ৰাখিবলৈ প্ৰতিজন পঞ্জীয়নভুক্ত বিনিয়োগ উপদেষ্টাই নিয়ন্ত্ৰকৰ পৰা পঞ্জীয়ন লাভ কৰাৰ তাৰিখৰ পৰা প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নবীকৰণ মাচুল দিব লাগিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande