মুম্বাই, ২৫ জুলাই (হি.স.)। একেৰাহে তৃতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে বৈদেশিক মুদ্ৰাৰ মজুত। ১৮ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৬৯৫.৪৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। বিগত সপ্তাহৰ তুলনাত ১.১৮ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ১৮ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১.১৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৫.৪৯ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ আগৰ সপ্তাহটোত মুঠ বিদেশী মুদ্ৰা ভাণ্ডাৰ ৩.০৬ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৬.৬৭ বিলিয়ন ডলাৰ আছিল।
তথ্য অনুসৰি ১৮ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত বৈদেশিক মুদ্ৰাৰ মজুতৰ মূল উপাদান বৈদেশিক মুদ্ৰাৰ সম্পত্তি ১.২০ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৮৭.৬১ বিলিয়ন ডলাৰ হৈছে।
কিন্তু এই সময়ছোৱাত সোণৰ মজুতৰ মূল্য ১৫ কোটি ডলাৰ বৃদ্ধি পাই ৮৪.৪৯ বিলিয়ন ডলাৰ হয়। এই সময়ছোৱাত বিশেষ ড্ৰয়িং ৰাইটছ (এছডিআৰ) ১১.৯ কোটি ডলাৰ হ্ৰাস পাই ১৮.৬৮ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ উপৰিও তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভও ১৩ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৬৯ বিলিয়ন ডলাৰ হৈছে। উল্লেখ্য যে ২০২৪ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে দেশখনৰ মুঠ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰত উপনীত হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া