নতুন দিল্লী, ২৫ জুলাই (হি.স.)। কাউন্টি চেম্পিয়নশ্বিপ ডিভিজন ৱানত বৃহস্পতিবাৰে ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন মিশ্ৰিত হৈ পৰে। বিশেষকৈ তিলক বৰ্মাই সুন্দৰ বেটিং কৰি চমকপ্ৰদ শতক অৰ্জন কৰে।
ভাৰতীয় মিডল অৰ্ডাৰ বেটছমেন তিলক বৰ্মাই হেম্পশ্বাৰৰ হৈ খেলি নটিংহামশ্বাৰৰ বিৰুদ্ধে সুন্দৰ শতক অৰ্জন কৰে।
বাওঁহাতৰ বেটছমেন তিলক বৰ্মাই ১৩টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ১১২ ৰান সংগ্ৰহ কৰে। তেওঁৰ শতকটোৱে হেম্পশ্বাৰক নটিংহামশ্বাৰৰ প্ৰথম ইনিংছৰ ৫৭৮/৮ স্ক’ৰ ঘোষণা কৰাৰ দিশে লৈ যোৱাত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয়।
একে সময়তে ছাৰেৰ হৈ খেলা বাওঁহাতৰ স্পিনাৰ আৰ চাই কিশোৰে ইয়ৰ্কশ্বাৰৰ বিৰুদ্ধে আন এটা উইকেট দখল কৰি নিজৰ ইনিংছ সম্পূৰ্ণ কৰে। তেওঁ ১১৯ ৰানত ২ উইকেট দখল কৰে।
এচেক্সৰ হৈ খেলা খলিল আহমেদে ছাচেক্সৰ বিৰুদ্ধে এটা উইকেট দখল কৰি তেওঁৰ দল জয়ৰ ওচৰ চাপিছে।
ইফালে নৰ্থাম্পটনশ্বাইৰৰ হৈ খেলি থকাৰ সময়ত মিডলছেক্সৰ বিৰুদ্ধে যুজবেন্দ্ৰ চাহালে অতি দুৰ্বল প্ৰদৰ্শন কৰিছিল। প্ৰথম ইনিংছত কোনো উইকেট নোলোৱা চাহালে দ্বিতীয় ইনিংছত সোণৰ হাঁহ (প্ৰথম বলত আউট) লাভ কৰি পেভিলিয়নলৈ উভতি আহে।
ভাৰতীয় খেলুৱৈসকলৰ এই প্ৰদৰ্শনে দেখুৱাইছে যে তেওঁলোকে ইংলেণ্ডৰ কাউন্টি ক্ৰিকেটতো নিজৰ স্থান দখল কৰিছে যদিও একাংশৰ বাবে ই প্ৰত্যাহ্বানমূলক বুলি প্ৰমাণিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া