ৱৰ্ল্ড এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ ব্ৰঞ্জ ইভেণ্টৰ বাবে যোগ্য খেলুৱৈ ঘোষণা
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। ভাৰতীয় এথলেটিক্স ফেডাৰেচন (এএফআই)-এ ১২ জুলাইত প্ৰকাশ পোৱা ৰেংকিঙৰ ভিত্তিত ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ ব্ৰঞ্জ ইভেণ্টত অংশগ্ৰহণৰ যোগ্য খেলুৱৈৰ তালিকা ঘোষণা কৰিছে। এই প্ৰতিযোগিতা বিশ্ব
ভাৰতীয় লং জাম্পাৰ শৈলী সিং


নতুন দিল্লী, ২৫ জুলাই (হি.স.)। ভাৰতীয় এথলেটিক্স ফেডাৰেচন (এএফআই)-এ ১২ জুলাইত প্ৰকাশ পোৱা ৰেংকিঙৰ ভিত্তিত ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ ব্ৰঞ্জ ইভেণ্টত অংশগ্ৰহণৰ যোগ্য খেলুৱৈৰ তালিকা ঘোষণা কৰিছে।

এই প্ৰতিযোগিতা বিশ্ব এথলেটিকছৰ তত্বাৱধানত অনুষ্ঠিত হোৱা বাৰ্ষিক ট্ৰেক এণ্ড ফিল্ড প্ৰতিযোগিতাৰ ধাৰাবাহিক আৰু সন্মানীয় ডাইমণ্ড লীগৰ পিছত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়। ৩১ জুলাইৰ পূৰ্বে এ এফ আই পৰ্টেলত অনলাইন প্ৰৱেশ পত্ৰ জমা নিদিয়া খেলুৱৈসকলক ২০২৫ চনৰ ৬৪ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ অনুমতি দিয়া নহ’ব।

ব্ৰঞ্জ পৰ্যায়ৰ বিশ্বব্যাপী প্ৰতিযোগিতাত তুৰ্কমেনিস্তান, ভূটান, ফিলিপাইনছ, দক্ষিণ কোৰিয়া, মালয়েছিয়া, ইৰাক, ভিয়েটনাম, ৰিপাব্লিক অৱ কেমেৰুণ, শ্ৰীলংকা, ইৰাণ আৰু মালদ্বীপকে ধৰি ১০খনতকৈও অধিক দেশৰ ১৫০ গৰাকীৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। কলিংগা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। নীৰজ চোপ্ৰা এই ইভেণ্টৰ অংশ নহ’ব যদিও আন কেইবাগৰাকীও ভাৰতীয় শীৰ্ষ খেলুৱৈয়ে একচনত অংশগ্ৰহণ কৰিব।

পুৰুষ খেলুৱৈৰ তালিকা:

১০০ মিটাৰত অনিমেশ কুজুৰ, গুৰিন্দৰবীৰ সিং, মণিকান্ত হোবলিধৰ, প্ৰণৱ গুৰৱ, অম্লান বৰগোহাঁই, হৰ্ষ সন্তোষ ৰাউত, তামিলাৰাসু এছ, ৰাগুল কুমাৰ জি, লালু প্ৰসাদ ভঈ।

২০০ মিটাৰত অনিমেশ কুজুৰ, অম্লান বৰগোহাঁই, ৰাগুল কুমাৰ, মণিকান্ত হোবলীধৰ, বিশাল টি কে, নীতিন বি, অভয় সিং, লালু প্ৰসাদ ভৈ, শুভম, তামিলাৰাসু এছ, অভিন বি দেৱদিগা, আদেশ গৰ্ছা।

৪০০ মিটাৰত বিশাল টি কে, ৰাজেশ ৰমেশ, জয় কুমাৰ, মনু টি এছ, আমোজ জেকব পি এ, ৰিন্স জোচেফ, ধৰ্মবীৰ চৌধুৰী, সন্তোষ কুমাৰ টি, জেৰম সঞ্জয় নিশান্ত, সুৰজ এ।

৮০০ মিটাৰত মহম্মদ আফছাল পি, কৃষণ কুমাৰ, প্ৰকাশ গদাদে, প্ৰদীপ সেনথিলকুমাৰ, অমন কুমাৰ।

৫০০০ মিটাৰত গুলৱীৰ সিং, অভিষেক পাল, সৱন বৰৱাল, কিৰণ মেটে, শদাব আয়ুব পাঠান, সৌৰভ কুমাৰ, লাভপ্ৰীত সিং, গগন সিং।

লং জাম্পঃ শ্ৰীশংকৰ এম, ডেভিদ পি, মহম্মদ আনিছ ইয়াহ্যা, লোকেশ সত্যনাথন, শ্বাহনৱাজ খান, ছানী কুমাৰ, জেছৱিন এলড্ৰিন জে, জিথিন অৰ্জুনন আৰ চি, মহম্মদ মুহাছিন।

ট্ৰিপল জাম্পঃ প্ৰবীণ চিথৰাভেল, আব্দুল্লা আবুবকৰ, চেলভা প্ৰভু টি, যুৱ ৰাজ, মহম্মদ মুহাছিন, বিমল মুকেশ টি, কাৰ্তিক উন্নিকৃষ্ণন, মহম্মদ চালাহুদ্দিন এছ এন, গেইলী ভেনিষ্টাৰ ডি।

জেভেলিন থ্ৰ’ঃ শচীন যাদৱ, যশবীৰ সিং, শিৱম লোহাকাৰে, ৰোহিত যাদৱ, বিকাশ শৰ্মা, কিশোৰ কুমাৰ জেনা, সাহিল ছিলৱাল, শশাংক পাটিল, বিক্ৰান্ত মালিক।

মহিলা খেলুৱৈৰ তালিকা:

১০০ মিটাৰত নিত্য গান্ধে, অবিনয় ৰাজাজন, স্নেহা এছ এছ, এঞ্জেল চিলভিয়া এম, হৰিতা ভদ্ৰা, সৰ্বানী নন্দ, দনেশ্বৰী এ টি, বিজয়া কুমাৰী, সুদেশনা শিৱংকৰ, সুধিক্ষা, সাক্ষী চাৱন।

২০০ মিটাৰত নিত্য গান্ধে, বিজয়া কুমাৰী, উন্নতি আয়্যাপ্পা, আগছাৰা নন্দিনী, নিত্য ৰামৰাজ, মৌমিতা মণ্ডল, মধুমিতা দেৱ, এঞ্জেল চিলভিয়া এম.

৪০০ মিটাৰত ঐশ্বৰ্য মিশ্ৰ, ৰূপল চৌধুৰী, বিথ্যা ৰামৰাজ, দেৱানীবা জালা, বিজয়কুমাৰী জি কে, সুভা ভেংকটেছন, জিছনা মেথিউ।

৮০০ মিটাৰ : চন্দ কে এম, পূজা, অমনদীপ কৌৰ, নিধি সিং, হুইদ্ৰোম ভূমিশ্বৰী, থোটা সংকীৰথানা।

১০০ মিটাৰ হাৰ্ডলছঃ মৌমিতা মণ্ডল, নিথ্যা ৰামৰাজ, প্ৰজ্ঞান সাহু, নন্দিনী কংগন, অঞ্জলি চি, অগছাৰা নন্দিনী, প্ৰাঞ্জলি পাটিল, কানিমোজি চি।

১৫০০ মিটাৰত পূজা, লিলি দাস, অংকিতা ধ্যানী, চান্দা কে এম, কাজল কানাৱাড়ে, বিনিতা গুৰ্জাৰ, দীক্ষা কে এম, অমনদীপ কৌৰ।

লং জাম্পঃ শৈলী সিং, এন্সি সোজন, মৌমিতা মণ্ডল, পৱনা নাগৰাজ, ভৱনী যাদৱ, কুসুমা ৰাভাদা, ছেণ্ড্ৰা বাবু, মুবাছিনা মহম্মদ, অবিনায় শ্ৰী।

জেভেলিন থ্ৰ’ঃ অনুৰণী ৰাণী, জ্যোতি ৰাকেশ, কৰিশ্মা এছ সনিল, ৰাম্যশ্ৰী জৈন, শিল্পা ৰাণী, উমা চৌধুৰী।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande