বেডমিণ্টন এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ ভেনালা কালাগোটলা
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। ভাৰতীয় যুৱ বেডমিণ্টন খেলুৱৈ ভেন্নালা কলাগোটলা আৰু তনভি শৰ্মাই শুকুৰবাৰে ছ’লোত চলি থকা এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ১৩ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলায়। থাই আৰু ইণ্ডোনেছিয়াৰ প্ৰতিদ্বন্দ্বী
ভেন্নালা কলাগোটলা


নতুন দিল্লী, ২৫ জুলাই (হি.স.)। ভাৰতীয় যুৱ বেডমিণ্টন খেলুৱৈ ভেন্নালা কলাগোটলা আৰু তনভি শৰ্মাই শুকুৰবাৰে ছ’লোত চলি থকা এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ১৩ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলায়।

থাই আৰু ইণ্ডোনেছিয়াৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে নিজ নিজ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ভেনালা আৰু তনভিয়ে পদক নিশ্চিত কৰে। এইদৰে দুয়োগৰাকীয়ে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৰ পিছত পদক লাভ কৰা দ্বিতীয় আৰু তৃতীয় ভাৰতীয় মহিলা একক শাটলাৰ হিচাপে পৰিগণিত হয়। ২০১২ চনৰ প্ৰতিযোগিতাখনত ফাইনেলত নোজোমি অকুহাৰাক পৰাস্ত কৰি সিন্ধুৱে স্বৰ্ণ পদক অৰ্জন কৰিছিল।

থাইলেণ্ডৰ জন্যাপৰ্ণ মীপান্থংক ৫৮ মিনিটত ২১-১৮, ১৭-২১, ২১-১৭ ব্যৱধানত পৰাস্ত কৰি কালাগোটলাই কমেও ব্ৰঞ্জৰ পদক লাভ কৰে। ছেমি ফাইনেলত কালাগোটলাৰ মুখামুখি হ’ব চীনৰ ছি য়া লিউৰ বিৰুদ্ধে।

ইয়াৰ পিছতে শেহতীয়াকৈ ইউ এছ অ’পেন ছুপাৰ ৩০০ প্ৰতিযোগিতাত ৰানাৰ্ছ আপ হোৱা দ্বিতীয় ছিড ভাৰতীয় তনভি শৰ্মাই অন্তিম আঠত পঞ্চম ছিড ইণ্ডোনেছিয়ান থালিথা ৰমাধনী উইৰিয়াৱানক পৰাস্ত কৰে।

মাত্ৰ ৩৫ মিনিটত চীনৰ য়িন য়ি কিংক পৰাস্ত কৰি টানভিয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ছেমি ফাইনেলত চীনৰ য়িন য়ি চিঙৰ মুখামুখি হ’ব তনভি।

--------------

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande