- ঋষভ পন্ত ‘যোদ্ধা’ হৈ পৰিল, ডাকেট আৰু ক্ৰ’লি শতকৰ পৰা বঞ্ছিত
মানচেষ্টাৰ, ২৫ জুলাই (হি.স.)। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত মানচেষ্টাৰ টেষ্ট মেচখনৰ দ্বিতীয় দিনৰ শেষলৈকে আয়োজক দলটোৱে ২টা উইকেট হেৰুৱাই ২২৫ ৰান সংগ্ৰহ কৰিছে। ইংলেণ্ড এতিয়াও প্ৰথম ইনিংছত ভাৰতৰ পৰা ১৩৩ ৰান পিছ পৰি আছে। ষ্টাম্পৰ সময়ত জো ৰুটে ১১ ৰান আৰু অলি পোপে ২০ ৰাণেৰে অপৰাজিত হৈ উভতি আহিছিল।
ভাৰতৰ প্ৰথম ইনিংছ শেষ হয় ৩৫৮ ৰানত
ভাৰতে ২৬৪/৪ ৰাণৰ পৰা দিনটো আৰম্ভ কৰিছিল যদিও অতি সোনকালেই ৰবীন্দ্ৰ জাদেজা (২০) আউট হৈছিল। ইয়াৰ পিছত ৱাশ্বিংটন সুন্দৰ আৰু শাৰ্দুল ঠাকুৰে ৪৮ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছিল। ঠাকুৰে দ্ৰুত খেলিছিল যদিও বেন ষ্ট’কছৰ বাহিৰলৈ যোৱা বলত কোবাবলৈ চেষ্টা কৰি থাকোঁতে ৪১ ৰাণত আউট হৈছিল।
সুন্দৰে অৱশ্যে ধৈৰ্য্যৰে বেটিং কৰি ৯০টা বলত ২৭ ৰান সংগ্ৰহ কৰে যদিও তেওঁও বেছি সময় টিকি থাকিব নোৱাৰিলে। টেষ্টত অভিষেক ঘটোৱা অংশুল কাম্বোজে এক ৰাণ নকৰাকৈ আউট হয়। মাত্ৰ ২১ ৰানৰ ভিতৰতে শেষৰ চাৰিটা উইকেট হেৰুৱাই ভাৰতে প্ৰথম ইনিংছ ৩৫৮ ৰানত সমাপ্ত কৰে।
ইংলেণ্ডৰ হৈ অধিনায়ক বেন ষ্ট’কে ৫টা উইকেট দখল কৰে। আনহাতে জোফ্ৰা আৰ্চাৰে তিনিটা উইকেট লাভ কৰে। একে সময়তে লিয়াম ড’ছন আৰু ক্ৰীছ ৱ’কেছে এটাকৈ সফলতা লাভ কৰে।
ডাকেট-ক্ৰ’লিৰ ধুমুহাময় বেটিং
ইয়াৰ উত্তৰত ইংলেণ্ডে ‘বেজবল’ শৈলীত উত্তৰ দিলে। বেন ডাকেট আৰু জেক ক্ৰ’লিয়ে ভাৰতীয় বলাৰসকলক থকাসৰকা কৰিছিল আৰু প্ৰথম উইকেটৰ বাবে ১৬৬ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল। ডাকেটে ৯৪ ৰান সংগ্ৰহ কৰি শতক হেৰুওৱাৰ বিপৰীতে ক্ৰ’লিয়ে ৮৪ ৰানৰ ইনিংছ খেলিছিল। ক্ৰ’লীক ৰবীন্দ্ৰ জাডেজাই আউট কৰাৰ বিপৰীতে ডাকেটক আউট কৰে অংশুল কম্বোজে। কম্বোজৰ এয়া আছিল প্ৰথম আন্তঃৰাষ্ট্ৰীয় উইকেট।
পন্ত যোদ্ধা হৈ পৰিল-
দ্বিতীয় দিনটোও শিৰোনাম দখল কৰি থাকিল ঋষভ পন্ত, যিয়ে বুঢ়া আঙুলি ভাঙি যোৱাৰ পিছতো বেটিং কৰে। তেওঁৰ যুঁজৰ ইনিংছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি দলটোক সন্মানজনক স্ক’ৰত উপনীত হোৱাত অৰিহণা যোগাইছিল।
মেচখনত উত্তেজনা অব্যাহত আছে-
১৬৬ ৰানৰ আৰম্ভণিৰ অংশীদাৰিত্বৰ অন্তত ভাৰতীয় বলাৰসকলে সুন্দৰ প্ৰদৰ্শন কৰি ৩১ ৰানৰ ভিতৰত দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। এতিয়া মেচখন যেন ভাৰসাম্যত আছে। তৃতীয় দিনা ভাৰতে ইংলেণ্ডক নূন্যতম স্ক’ৰত ৰখাবলৈ চেষ্টা কৰিব, যাতে দ্বিতীয় ইনিংছত অগ্ৰগতি লাভ কৰিব পৰা যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া