আৰ্চেনালৰ ভেলেন্সিয়াৰ ডিফেণ্ডাৰ ক্রিষ্টিয়ান মস্কেৰাক চুক্তিবদ্ধ
লণ্ডন, ২৫ জুলাই (হি.স.)। প্ৰিমিয়াৰ লীগ ক্লাব আৰ্চেনালে বৃহস্পতিবাৰে স্পেনিছ ক্লাব ভেলেন্সিয়াৰ ডিফেণ্ডাৰ ক্রিষ্টিয়ান মস্কেৰাৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰে ৷ স্পেইনৰ ২১ বছৰ অনুৰ্ধ দলৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকীক প্ৰায় ১৩ মিলিয়ন পাউণ্ডৰ প্
আৰ্চেনালৰ ভেলেন্সিয়াৰ ডিফেণ্ডাৰ ক্রিষ্টিয়ান মস্কেৰাক চুক্তিবদ্ধ


লণ্ডন, ২৫ জুলাই (হি.স.)। প্ৰিমিয়াৰ লীগ ক্লাব আৰ্চেনালে বৃহস্পতিবাৰে স্পেনিছ ক্লাব ভেলেন্সিয়াৰ ডিফেণ্ডাৰ ক্রিষ্টিয়ান মস্কেৰাৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰে ৷

স্পেইনৰ ২১ বছৰ অনুৰ্ধ দলৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকীক প্ৰায় ১৩ মিলিয়ন পাউণ্ডৰ প্ৰাৰম্ভিক মাচুল (পাৰফৰমেন্স ভিত্তিক এড-অনকে ধৰি)ত চুক্তিবদ্ধ কৰা হৈছে। পাঁচ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে, য’ত অতিৰিক্ত এবছৰৰ বিকল্পও আছে। এই চুক্তিৰ জৰিয়তে এই গ্ৰীষ্মকালীন ট্ৰেন্সফাৰ উইণ্ডোত আৰ্চেনালৰ ব্যয় প্ৰায় ১৪ কোটি পাউণ্ড (প্ৰায় ১৮৯ মিলিয়ন মাৰ্কিন ডলাৰ) হৈছে।

শেহতীয়াকৈ আৰ্চেনালৰ পঞ্চমটো চুক্তিবদ্ধ হোৱা ২১ বছৰীয়া মস্কেৰাই দলটোৰ মূল ডিফেণ্ডাৰ উইলিয়াম ছালিবা আৰু গেব্ৰিয়েলক আৱৰণ দিব। অৱশ্যে ডিফেন্সৰ যিকোনো পজিচনত খেলিবলৈ সক্ষম।

যোৱা ছিজনত মস্কেৰাই ভেলেন্সিয়াৰ হৈ ৪১খন মেচ খেলিছিল। এতিয়া তেওঁ আৰ্চেনালৰ ছিংগাপুৰ আৰু হংকঙৰ প্ৰি-ছিজন ভ্ৰমণৰ বাবে যোগদান কৰিছে।

মন কৰিবলগীয়া যে প্ৰিমিয়াৰ লীগত একেৰাহে তিনিবাৰকৈ ৰানাৰ্ছ আপৰ স্থান লাভ কৰা আৰ্চেনালে ২০২৫/২৬ ছিজনৰ প্ৰথমখন মেচ ১৭ আগষ্টত মানচেষ্টাৰ ইউনাইটেডৰ বিৰুদ্ধে খেলিব।

ইফালে, ক্লাবটোৱে স্প’ৰ্টিং লিছবনৰ ষ্ট্ৰাইকাৰ ভিক্টৰ জিয়’কেৰেছকো ক্ৰয় কৰাৰ আশা কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande