গৌৰৱ শুক্লাৰ পৰিচালনাৰে নিৰ্মিত আহিবলগীয়া ৱেব ধাৰাবাহিক ‘সাৰে জাহা ছে আচ্ছা’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেতা প্ৰতীক গান্ধীয়ে। প্ৰতীকৰ লগতে এই ধাৰাবাহিকখনত ছানী হিন্দুজা, সুহাইল নায়াৰ, কৃতিকা কামৰা, টিলোতামা শ্বোমে, ৰজত কাপুৰ, অনুপ ছোনীৰ দৰে প্ৰতিভাৱান অভিনেতাও দেখা যাব। এতিয়া মেকাৰসকলে মুকলি কৰিছে ‘সাৰে জাহান ছে আচ্চা’ৰ প্ৰথমখন পোষ্টাৰ, য’ত প্ৰতীক গান্ধী আৰু ছানী হিন্দুজাকে ধৰি সমগ্ৰ তাৰকা অভিনেতাৰ এক শক্তিশালী আভাস পোৱা গৈছে। এই পোষ্টাৰখনে ধাৰাবাহিকখনৰ প্ৰতি দৰ্শকৰ কৌতুহল আৰু অধিক বৃদ্ধি কৰিছে।
১৩ আগষ্টৰ পৰা নেটফ্লিক্সত প্ৰিমিয়াৰ হ’ব ‘ছাৰে জাহান ছে আচ্ছা’।শেহতীয়াকৈ মেকাৰসকলে ইয়াৰ প্ৰথমখন পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, প্ৰটেইক গান্ধী আৰু ছানি হিন্দুজাই গোপন যুদ্ধত চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰে। অভাৰ এণ্ড আউট।
এই ৱেব ছিৰিজখন ১৯৭০ চনৰ ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাৰ পটভূমিত ৰচনা কৰা হৈছে। চোৰাংচোৱাগিৰি, দেশপ্ৰেম, ত্যাগ আৰু কৰ্তব্যৰ বিষয়বস্তু ইয়াৰ কাহিনীত গভীৰভাৱে খোদিত হৈ আছে। ধাৰাবাহিকখনত প্ৰতীক গান্ধীক দেখা যাব চোৰাংচোৱা বিষয়া বিষ্ণু শংকৰৰ চৰিত্ৰত, যিয়ে দেশৰ বাবে প্ৰতিটো ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু। এই ধাৰাবাহিকখনত ৰোমাঞ্চ আৰু আৱেগৰ এক সুন্দৰ মিশ্ৰণ হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া