বীৰ পাহাদিয়াক লৈ উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰা সুতাৰিয়াই
তাৰা সুতাৰিয়া আৰু বীৰ পাহাদিয়াই ডেটিং খবৰৰ বাবে কিছুদিন ধৰি শিৰোনাম দখল কৰি আহিছে। দুয়োৰে মাজত গুৰুতৰভাৱে ডেটিং কৰা বুলি চৰ্চা চলিছে। শেহতীয়াকৈ দুয়োকে কেইবাবাৰো একেলগে দেখা গৈছে, কেতিয়াবা ডিনাৰ ডেটত আৰু কেতিয়াবা মুম্বাই বিমানবন্দৰত। কালি মুম্ব
तारा सुतारिया


তাৰা সুতাৰিয়া আৰু বীৰ পাহাদিয়াই ডেটিং খবৰৰ বাবে কিছুদিন ধৰি শিৰোনাম দখল কৰি আহিছে। দুয়োৰে মাজত গুৰুতৰভাৱে ডেটিং কৰা বুলি চৰ্চা চলিছে। শেহতীয়াকৈ দুয়োকে কেইবাবাৰো একেলগে দেখা গৈছে, কেতিয়াবা ডিনাৰ ডেটত আৰু কেতিয়াবা মুম্বাই বিমানবন্দৰত। কালি মুম্বাই বিমানবন্দৰত একেলগে দেখা পোৱাৰ পিছত শেহতীয়াকৈ এক ব্যক্তিগত অনুষ্ঠানতো দুয়োজনে ইজনে সিজনৰ প্ৰতি মুকলিকৈ প্ৰেম প্ৰকাশ কৰিছিল, যিয়ে এই আলোচনাক আৰু অধিক ইন্ধন যোগাইছিল। এতিয়া এই উৰাবাতৰিৰ সন্দৰ্ভত তাৰা সুতাৰিয়াই নিজৰ মৌনতা ভংগ কৰি বীৰৰ সৈতে থকা সম্পৰ্কক লৈ স্পষ্ট সঁহাৰি দিছে, যিটো অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।

বীৰ পাহাদিয়াৰ সৈতে থকা সম্পৰ্কক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰা সুতাৰিয়াই। তাৰাই হাঁহি এটা মাৰি ক'লে, সি বৰ মৰমলগা। এই খবৰবোৰ চাই পঢ়ি ভাল লাগে। কিন্তু যেতিয়া তাইক পোনপটীয়াকৈ বীৰৰ সৈতে ডেটিং উৰাবাতৰিৰ সত্যতা সোধা হৈছিল, তেতিয়া তাৰাই সেই কথা মানি লোৱা নাছিল, অস্বীকাৰো নাছিল। তাই কেৱল ক'লে, ক্ষমা কৰিব, এই মুহূৰ্তত মই এই বিষয়ে একো ক'ব নোৱাৰো।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তৰা সুতাৰিয়া আৰু বীৰ পাহাদিয়াই ইজনে সিজনৰ প্ৰতি থকা মৰম দেখুৱাইছে। দৰাচলতে তৰাই এ পি ধিলনৰ সৈতে তেওঁৰ গীত ‘তু হী আই চান, মেৰী ৰাত আই তু’ৰ কিছু সুন্দৰ ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। এই পোষ্টটোত বীৰৰ মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, তেওঁ লিখিছিল, মোৰ, যাৰ উত্তৰত তাৰাই দিছিল, মেৰা। এই মৰমলগা কথা-বতৰাই অনুৰাগীৰ মাজত তেওঁলোকৰ সম্পৰ্কৰ আলোচনাক আৰু অধিক নিশ্চিত কৰিলে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande