হৃতিক ৰোশনৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘ৱাৰ ২’ক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উৎসাহ। এইবাৰ কিয়াৰা আদৱানীক তেওঁৰ সৈতে যোৰ কৰা হৈছে, আনহাতে দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এনটিআৰে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। ছবিখনৰ বিস্ফোৰক ট্ৰেইলাৰ মুকলি কৰা হৈছে, য’ত ঋত্বিক আৰু এন টি আৰৰ প্ৰচণ্ড একচন অৱতাৰে অনুৰাগীক আচৰিত কৰি তুলিছে। একে সময়তে ট্ৰেইলাৰৰ এটা দৃশ্যত কিয়াৰাক আৰ্মী ইউনিফৰ্ম পিন্ধি দেখা গৈছে, যিয়ে প্ৰথমবাৰৰ বাবে তেওঁৰ চৰিত্ৰৰ আভাস প্ৰকাশ কৰিছে।
‘ৱাৰ ২’ ছবিখনত কিয়াৰা আদৱানীৰ চৰিত্ৰ কেৱল ৰোমাঞ্চত সীমাবদ্ধ নাথাকিব। এফালে হৃতিক ৰোশনৰ সৈতে ৰোমান্টিক কেমিষ্ট্ৰীত দেখা পোৱাৰ বিপৰীতে আনফালে প্ৰচণ্ড একচন ছিকুৱেন্স কৰাৰ সুযোগো পাইছে। কিয়াৰাই এই ছবিখনত কাব্য লুথ্ৰাৰ চৰিত্ৰত অভিনয় কৰিছে, যিজন RAW ৰ যুটীয়া সম্পাদক আৰু কৰ্ণেল সুনীল লুথ্ৰাৰ কন্যা। এই চৰিত্ৰত দেখা যাব আশুতোষ ৰাণা। অয়ন মুখাৰ্জীৰ পৰিচালিত ‘‘ৱাৰ ২’’ ছবিখন ছবিগৃহত মুক্তি পাব অহা ১৪ আগষ্ট, ২০২৫ তাৰিখে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া