মোহিত সূৰীৰ পৰিচালিত ‘ছাইয়াৰা’ মুক্তিৰ লগে লগে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে। ১৮ জুলাইত মুক্তি পোৱা এই ৰোমান্টিক নাটক ছবিখনে প্ৰথম দিনাৰ পৰাই বক্স অফিচত প্ৰচণ্ড প্ৰদৰ্শন আগবঢ়াইছে। কৰ্মদিনতো ছবিখন চাবলৈ বিপুল দৰ্শকৰ ভিৰ হৈছে আৰু ই অহৰহ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এতিয়া ‘ছাইয়াৰাৰ’ সপ্তম দিনৰ উপাৰ্জনৰ পৰিসংখ্যাও ওলাইছে।
বক্স অফিচ ট্ৰেকাৰ চাকনিল্কৰ তথ্য অনুসৰি মুক্তিৰ সপ্তম দিন বৃহস্পতিবাৰে ‘ছাইয়াৰা’ই ১৮.৭৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ঘৰুৱা সংগ্ৰহ ১৭২.৫০ কোটি টকা হৈছেগৈ। মাত্ৰ এসপ্তাহৰ ভিতৰতে এই ছবিখনে ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে। কেৱল ভাৰততে নহয়, বিদেশতো ‘ছাইয়াৰা’ৰ যাদু তুংগত আছে। এতিয়ালৈকে ছবিখনে বিশ্বজুৰি প্ৰায় ২২০ কোটি টকাৰ এক বৃহৎ ব্যৱসায় কৰিছে। এই গতিলৈ চালে দেখা যায় যে এই মুহূৰ্তত বক্স অফিচৰ পৰা ‘ছাইয়াৰা’ আতৰি যোৱাটো কঠিন হৈ পৰিছে।
প্ৰবীণ অভিনেতা চাংকি পাণ্ডেৰ ভতিজা আহান পাণ্ডেয়ে ‘ছাইয়াৰা’ ছবিৰে বলীউডত অভিষেক ঘটালে। একে সময়তে যশ ৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখনত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে অনিত পদ্দাই। দুয়োৰে সতেজ কেমেষ্টীয়ে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। উজ্জ্বল কাহিনী কোৱা আৰু আৱেগিক স্পৰ্শৰে পুনৰবাৰ পুনৰাবৃত্তি কৰিছে পৰিচালক মোহিত সূৰীয়ে ‘আশিকী ২’ৰ দৰে সফলতাৰ যাদুক। বিশেষকৈ যুৱ দৰ্শকে ছবিখনৰ সংগীত, ৰোমাঞ্চ আৰু নাটক ভাল পাইছে। ছবিখনৰ প্ৰডাকচন বাজেট প্ৰায় ৪৫ কোটি টকা বুলি কোৱা হৈছে যদিও প্ৰথম সপ্তাহতেই ইয়াৰ উপাৰ্জনে সকলো আশাক অতিক্ৰম কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া