ডুমডুমা আজাদৰোডত শিলৰ পট্টা গুটিৰে মৰিয়াই পত্নীক হত্যা
ডুমডুমা আজাদৰোডত ভয়ংকৰ ঘটনা।
ডুমডুমা আজাদৰোডত শিলৰ পট্টা গুটিৰে মৰিয়াই পত্নীক হত্যা


তিনিচুকিয়া, ১৮ জুলাই (হি.স.): তিনিচুকিয়া জিলাৰ ডুমডুমা আজাদৰোডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। স্বামীয়ে শিলৰ পট্টা গুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক। মণিকা মৰাণ তাঁতী নামৰ মহিলাগৰাকীক হত্যা কৰে স্বামী কিশোৰ তাঁতীয়ে।

পত্নীক অত্যাধিক সন্দেহৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ কৰে কণ্যাই। বৰ্তমান পলাতক স্বামী হত্যাকাৰী কিশোৰ তাঁতী। ইফালে ডুমডুমা আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো চমজি লৈ হত্যাকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande