আগৰতলা, ১৮ জুলাই (হি.স.)। ত্ৰিপুৰাত বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হৈছে। অসম ৰাইফলছ আৰু ত্ৰিপুৰা আৰক্ষীয়ে পশ্চিম ত্ৰিপুৰা জিলাৰ খয়েৰপুৰ অঞ্চলত এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে ৩ লাখ নিচাজাতীয় য়াবা টেবলেট।
জব্দ কৰা টেবলেট খিনিৰ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মুল্য প্ৰায় ৩০ কোটি বুলি সদৰী কৰিছে অসম ৰাইফলছে। ইফালে, টেবটেল খিনি জব্দ কৰা হলেও সুযোগ বুজি ট্ৰাকৰ চালক পলাই যাবলৈ সক্ষম হয় । আনহাতে জব্দ কৰাৰ পিছত টেবলেট খিনি আগৰতলাস্থিত
ৰাজহ চোৰাংচোৱা সঞ্চালকালয় ( ডিআৰআই) ৰ হাতত গতাই কৰা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা