কামৰূপ, ১৯ জুলাই (হি.স.): ৰঙিয়াত পত্নীহন্তা স্বামী ৰে’ল বিষয়া ৰাহুল কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে । ৰঙিয়াত যোৱা ৩ জুলাইত নিজ সন্তানৰ সন্মুখতে নৃশংসভাবে পত্নীক হত্যা কৰা অভিযুক্ত স্বামী তথা ৰে’ল বিষয়া ৰাহুল কুমাৰ সিঙক শুক্ৰবাৰে বিয়লি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
ৰঙিয়াৰ কেন্দুকোনা ৰে’লৱে ষ্টেচনৰ ষ্টেচন মাষ্টাৰ ৰাহুল কুমাৰ সিঙে ১৫ দিন ধৰি আত্মগোপন কৰি আছিল । হত্যাকাৰী ৰাহুল কুমাৰ সিঙক অৱশেষত গণেশগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে । উল্লেখ্য যে যোৱা সিঙে ৩ জুলাইৰ নিশা ৰঙিয়াৰ মুৰাৰাত থকা ভাৰাঘৰত নিজ পত্নীক চুৰিৰে ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰিছিল । এই হত্যাকাণ্ড সংঘটিত হৈছিল তেওঁৰ দুই সন্তানৰ সন্মুখত, যাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছিল ।
অৱশেষত গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই গণেশগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পত্নীক নৃশংসভাৱে হত্যা কৰাৰ পিছত হত্যাকাৰী ৰাহুলে দীৰ্ঘদিন ধৰি আইনৰ চকুত ধূলি দি পলায়ন কৰি আছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ