ইছলামাবাদ, ১৭ জুলাই (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কালাটৰ উপকণ্ঠ অঞ্চলত যাত্ৰীবাহী বাছত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কৰাচীৰ দুজন কাৱালসহ তিনিজন লোকে প্ৰাণ হেৰুৱাই আৰু ১৩জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত বিখ্যাত কাৱাল আহমেদ হুছেইন চাবৰী আৰু তেওঁৰ পুত্ৰ আহমেদ ৰাজা চাবৰিও আছে। এই লোকসকলে আন সংগীতজ্ঞৰ সৈতে কুৱেটালৈ গৈ আছিল।
ডন কাকতৰ মতে, কৰাচীৰ বিখ্যাত কাৱাল মজিদ আলী ছাব্ৰিয়ে ফোনত কয় যে, “সশস্ত্ৰ আক্ৰমণত মোৰ ভাই, ভতিজা আৰু এজন সংগীতজ্ঞৰ মৃত্যু হৈছে।” তেওঁ ক’লে যে এই লোকসকলে বিয়াৰ অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ কুৱেটালৈ গৈ আছে। কাৱাল বুক কৰা ইমতিয়াজ লাহৰীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পত্নীৰ সৈতে বিমানেৰে কুৱেটালৈ আহিব লাগিছিল কাৱাল মজিদ ছাব্ৰী। হোটেলত তেওঁলোকৰ বাবে এটা ৰুম বুকিং কৰা হৈছিল।
আৰক্ষী বিষয়াসকলে জনোৱা মতে, নেমাৰ্ঘ অঞ্চলৰ কুৱেটা-কৰাচি ঘাইপথৰ দুয়োকাষে অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে এম্বুছ পাতি ৰৈ আছিল। এই আক্ৰমণত তেওঁলোকে ব্যৱহাৰ কৰিছিল স্বয়ংক্ৰিয় অস্ত্ৰ। প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতি দি এগৰাকী বিষয়াই কয় যে উগ্ৰপন্থীয়ে প্ৰথমে বাছখন ৰখাইছিল আৰু তাৰ পিছত নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰিছিল।
কালাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বাহজাদ আকবৰে বাছখনত গুলীচালনাৰ কথা নিশ্চিত কৰি কয় যে তিনিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১৩জন লোক আহত হৈছে। আহত দুজন হ’ল হাইদৰ, ইমৰাণ, মঞ্জাৰ, আব্বাছ, মহম্মদ চাকিব, ফৈছাল, মহম্মদ নাদীম, মহম্মদ ৰিজৱান, মুছাভিৰ আব্বাছ, মহম্মদ ৱাৰিছ, ফৈজান, দিলছাদ (সকলোৱেই কৰাচীৰ বাসিন্দা), নাজিব আহমদ (চালক) আৰু বিলাল আহমদ। চিকিৎসালয়ৰ বিষয়াসকলে জনোৱা মতে, মূৰ আৰু শৰীৰৰ ওপৰৰ অংশত আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আহত কিছুমানক কুৱেটালৈ স্থানান্তৰ কৰা হৈছে।
বেলুচিস্তানৰ মুখ্যমন্ত্ৰী মিৰ ছাৰফৰাজ বুগটিয়ে এক্সত কয় যে, নিৰীহ আৰু অসহায় সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো এটা ক্ষমা কৰিব নোৱাৰা অপৰাধ। ই পাকিস্তানৰ ঐক্য, সাৰ্বভৌমত্ব আৰু শান্তিৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। ইফালে আন্তঃসেৱা জনসংযোগই জনোৱা মতে, ঘটনাৰ কিছু সময়ৰ পূৰ্বে আৱৰণত নিৰাপত্তা বাহিনীয়ে তিনিজন উগ্ৰপন্থীক হত্যা কৰিছিল। এই এনকাউণ্টাৰত নিহত হয় মেজৰ চৈয়দ ৰাব নৱাজ তাৰিক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া