চীনত আবদ্ধ হৈ থকা ১২০০ নেপালী নাগৰিকক ঘূৰাই অনাৰ বাবে কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ
কাঠমাণ্ডু, ১৭ জুলাই (হি.স.)। নেপাল-চীন সীমান্তত যোৱা ৮ জুলাইত বানপানীৰ ফলত দলংখন উটুৱাই নিয়াত চীনৰ ফালৰ পৰা আবদ্ধ হৈ থকা প্ৰায় ১২০০ নেপালী নাগৰিকক ঘূৰাই অনাৰ বাবে বৃহস্পতিবাৰে কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰা হয়। বানপীড়িত ৰাছুৱা সীমান্তৰ চেকপইণ্টত
रसुवा नाका में टूटा पुल


কাঠমাণ্ডু, ১৭ জুলাই (হি.স.)। নেপাল-চীন সীমান্তত যোৱা ৮ জুলাইত বানপানীৰ ফলত দলংখন উটুৱাই নিয়াত চীনৰ ফালৰ পৰা আবদ্ধ হৈ থকা প্ৰায় ১২০০ নেপালী নাগৰিকক ঘূৰাই অনাৰ বাবে বৃহস্পতিবাৰে কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰা হয়। বানপীড়িত ৰাছুৱা সীমান্তৰ চেকপইণ্টত নিৰ্মিত নেপাল-চীন বন্ধুত্ব দলংখন উটুৱাই নিয়াৰ ফলত কেৰুঙত আবদ্ধ হৈ থকা নেপালী নাগৰিকসকলক ঘূৰাই অনাৰ বাবে চীনৰ বৈদেশিক মন্ত্ৰালয়লৈ এখন পত্ৰ লিখিছে স্থানীয় প্ৰশাসনে।

ৰাছুৱা জিলাৰ মুখ্য জিলা বিষয়া অৰ্জুন পৌডেলৰ মতে, বৈদেশিক মন্ত্ৰালয়ে চীন চৰকাৰক আৱদ্ধ হৈ থকা ১২০০ লোকক ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। চীনা পক্ষই কেৰুঙত আৱদ্ধ হৈ থকা নেপালীসকলৰ বাবে খাদ্য আৰু থকাৰ ব্যৱস্থা কৰিছে। আৱদ্ধ হৈ থকা লোকসকলৰ ভিতৰত আছে ৯১জন চালক আৰু সহায়ক। পৌডেলে কয় যে বুধবাৰে তেওঁ নেপালৰ বৈদেশিক মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰি কূটনৈতিক পদক্ষেপ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছিল।

তেওঁ কয় যে বৃহস্পতিবাৰে পুৱা বৈদেশিক মন্ত্ৰী ড০ অৰ্জু দেওৱাই কাঠমাণ্ডুত থকা চীনৰ ৰাষ্ট্ৰদূতক ফোন কৰি নেপালী নাগৰিকৰ উভতি অহাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। চীনত আবদ্ধ হৈ থকা নেপালী নাগৰিকসকলক অতি সোনকালে বিকল্প পথেৰে ঘূৰাই অনা হ’ব বুলি বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াসকলে প্ৰকাশ কৰিছে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande