বৰপেটা, ১৭ জুলাই (হি.স.)। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত কালি নিশাৰ ভাগত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পাঁচ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি আমগুৰি আৰু খাৰবাল্লি গাঁৱত চলি আহিছিল অবৈধ জুৱাৰ ৰমৰমীয়া বেহা। কিন্তু আৰক্ষীয়ে পাঁচ জুৱাৰীক আটক কৰি ৮৫/২০২৫ গোচৰৰ ভিত্তিত বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে।
জুৱাৰী পাঁচজন ক্ৰমে খাৰবাল্লি গাৱঁৰ শাহজামাল, চাইদুৰ ৰহমান, চানমিয়া, শহিদুল ইছলাম আৰু আক্তাৰ আলী।ইয়াৰোপৰি চেনিমাৰি, লাচাংগা, বৰটাৰী, সাওৰাচৰা, বালিকুৰি, জনীয়া, বলাইপাথাৰত দীৰ্ঘদিন ধৰি অবৈধ জুৱাখেল চলি থকা বুলি জানিব পৰা গৈছে। সেয়ে অতি শীঘ্ৰেই অবৈধ জুৱা খেল বন্ধ কৰাৰ দাবী জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ