গৌৰীপুৰত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক দুজন সৰবৰাহকাৰী
ধুবুৰী, ১৭ জুলাই (হি.স.)। গৌৰীপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক দুজন। গৌৰীপুৰ ডুমৰদহৰ ৩য় খণ্ড ঠেংমেলাত ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক।গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহণৰ নেতৃত্বত এক গোপন অভিযানৰ ভিত্তিত গৌৰীপুৰ ডুমৰদহৰ ৩য় খণ
গৌৰীপুৰত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক দুজন সৰবৰাহকাৰী


ধুবুৰী, ১৭ জুলাই (হি.স.)। গৌৰীপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক দুজন। গৌৰীপুৰ ডুমৰদহৰ ৩য় খণ্ড ঠেংমেলাত ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক।গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহণৰ নেতৃত্বত এক গোপন অভিযানৰ ভিত্তিত গৌৰীপুৰ ডুমৰদহৰ ৩য় খণ্ড ঠেংমেলাত মহাজন আলীৰ বাসগৃহত অভিযান চলায়। অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী মহাজন আলী আৰু আনোৱাৰ হুছেইনক।

অভিযানৰ জৰিয়তে বৃহৎ পৰিমাণৰ ব্ৰাউন সুগাৰৰ লগতে আঠটাকৈ মোবাইল ফোন ,দুখন বাইক,দুটাকৈ সোণৰ খাৰু আৰু ৰূপৰ আ অলংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি মহাজন আলী আৰু আনোৱাৰ হুছেইন দীৰ্ঘ দিন ধৰি অবৈধ ড্ৰাগছ বিক্ৰী কৰি থকাৰ অভিযোগ উঠিছে।ড্ৰাগছ মাফিয়া মহাজন আলীৰ ঘৰ ডুমৰদহৰ ৩য় খণ্ড ঠেংমেলা আৰু আনোৱাৰ হুছেইনৰ ঘৰ ধুবুৰী ছাগলচৰা আদাবাৰীত বুলি জানিব পৰা গৈছে।বৰ্তমানে আৰক্ষীয়ে যুৱক দুজনক আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande