হাই অক্টেন একচন থ্ৰিলাৰ ছবি ‘ৱাৰ-২’ৰ নতুন পোষ্টাৰ মুকলি
হৃতিক ৰোশনৰ একচন ভৰ্তি ছবি ‘ৱাৰ-২’ৰ বাবে পুনৰবাৰ শিৰোনাম দখল কৰিছে। দীৰ্ঘদিন ধৰি দৰ্শকে অপেক্ষা কৰি থকা ২০১৯ চনৰ ছুপাৰহিট ছবি ‘ৱাৰ’ৰ বহু প্ৰত্যাশিত ছিকুৱেল এইখন। এইবাৰ ছবিখনত প্ৰথমবাৰৰ বাবে ঋতিকৰ সৈতে দেখা যাব কিয়াৰা আদৱানীক। ছবিখনৰ আন এক বিশেষ কথা
‘ৱাৰ-২’ৰ নতুন পোষ্টাৰ মুকলি


হৃতিক ৰোশনৰ একচন ভৰ্তি ছবি ‘ৱাৰ-২’ৰ বাবে পুনৰবাৰ শিৰোনাম দখল কৰিছে। দীৰ্ঘদিন ধৰি দৰ্শকে অপেক্ষা কৰি থকা ২০১৯ চনৰ ছুপাৰহিট ছবি ‘ৱাৰ’ৰ বহু প্ৰত্যাশিত ছিকুৱেল এইখন। এইবাৰ ছবিখনত প্ৰথমবাৰৰ বাবে ঋতিকৰ সৈতে দেখা যাব কিয়াৰা আদৱানীক। ছবিখনৰ আন এক বিশেষ কথা হ’ল এই ছবিখনৰ জৰিয়তে দক্ষিণৰ মেগাষ্টাৰ জুনিয়ৰ এনটিআৰে বলীউডত ধুমুহাময় আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। এতিয়া ছবিখনৰ নিৰ্মাতাসকলে মুকলি কৰিছে ‘ৱাৰ-২’ৰ নতুন পোষ্টাৰ, য’ত প্ৰচণ্ড একচন আৰু চাচপেন্সৰ আভাস পোৱা গৈছে।

‘ৱাৰ-২’ৰ নতুন পোষ্টাৰখন মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত একেলগে দেখা গৈছে ঋত্বিক ৰোশন, কিয়াৰা আদবানী আৰু জুনিয়ৰ এন টি আৰৰ শক্তিশালী ত্ৰিমূৰ্তিক। একচন ভৰ্তি অৱতাৰত তিনিওজন তাৰকাক অতি আকৰ্ষণীয় দেখা গৈছে। এইবাৰ ছবিখনত ঋতিক আৰু জুনিয়ৰ এন টি আৰৰ মাজত প্ৰচণ্ড একচন ছিকুৱেন্স দেখা যাব।

অহা ১৪ আগষ্টত স্বাধীনতা দিৱসৰ বিশেষ উপলক্ষে বিশ্বজুৰি মুক্তি পাব অয়ন মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এই হাই-অক্টেন একচন থ্ৰিলাৰ ছবিখন। বিশেষ কথাটো হ’ল এই ছবিখন হিন্দীৰ লগতে তামিল আৰু তেলেগু ভাষাতো মুক্তি পাব, যাতে ই সমগ্ৰ দেশৰ দৰ্শকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিব পাৰে। 'ৱাৰ-২' নিশ্চিতভাৱে এই বছৰৰ অন্যতম বৃহৎ ছবি হ'ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande