তেলেগু চিনেমাৰ ছুপাৰষ্টাৰ ৰবি তেজাৰ পিতৃ ভূপতি ৰাজু ৰাজাগোপাল ৰাজুৰ দেহাৱসান। ৯০ বছৰ বয়সত হায়দৰাবাদৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।কিছুদিন ধৰি তেওঁ বয়সৰ লগত জড়িত ৰোগত ভুগি আছিল বুলি কোৱা হৈছে। ৰাজাগোপাল ৰাজুৰ মৃত্যুত কেৱল তেওঁৰ পৰিয়ালেই শোক প্ৰকাশ কৰাই নহয়, তেলেগু চলচ্চিত্ৰ জগততো বিয়পি পৰিছে শোকৰ জোৱাৰ।
মেগাষ্টাৰ চিৰঞ্জীৱীয়ে এক্সত লিখিছে, ভাইটি ৰবি তেজাৰ পিতৃৰ মৃত্যুৰ খবৰ পাই মই অতি দুখী হৈছো। শেষবাৰৰ বাবে তেওঁক ভালটাইৰ বীৰীয়াৰ চেটত লগ পাইছিলো। তেওঁ অতি উল্লাসিত আছিল আৰু অতি উৎসাহেৰে কথা পাতিছিল। এই কঠিন সময়ত তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। তেওঁৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছো।
পৰিচালক গোপিচন্দ মালিনেনীয়ে এক্সত লিখিছে, অতি দুখী অভিনেতা ৰবিতেজৰ পিতৃ ৰাজাগোপাল ৰাজু গাৰুৰ মৃত্যুত। এই কঠিন সময়ত ৰবিতেজা গাৰু আৰু তেওঁৰ পৰিয়ালৰ বাবে শক্তি আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো। ওম শান্তি।
ৰাজগোপাল ৰাজু আছিল অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। মৃত্যুৰ সময়ত তেওঁ পত্নী ৰাজ্য লক্ষ্মী আৰু দুই পুত্ৰ ছুপাৰষ্টাৰ ৰবি তেজা আৰু ৰঘু ৰাজুক এৰি থৈ যায়। কেইবছৰমান পূৰ্বে গাড়ী দুৰ্ঘটনাত তেওঁৰ তৃতীয় পুত্ৰ ভাৰত ৰাজুৰ মৃত্যু হৈছিল। ৰাজগোপাল ৰাজুৱে দীৰ্ঘদিন ধৰি পত্নীৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ জগমপেটাত বাস কৰিছিল। পুত্ৰ ৰবি তেজাই চলচ্চিত্ৰ জগতত উচ্চতাত উপনীত হোৱাৰ পিছতো তেওঁ সদায় সহজ আৰু নিস্তব্ধ জীৱন যাপন কৰাটো পছন্দ কৰিছিল।
অভিনেতা ৰবি তেজাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে শেহতীয়াকৈ তেওঁক দেখা গৈছিল ‘মি. বচ্চন'। ছবিখনে বক্স অফিচত আশানুৰূপভাৱে পাৰ কৰিব নোৱাৰিলেও ৰবি তেজাৰ অভিনয়ক দৰ্শক আৰু সমালোচকে প্ৰশংসা কৰে। তেওঁৰ পৰৱৰ্তী ছবি ‘মাছ জাথাৰা’ত তেওঁক দেখা যাব। এই একচন-ড্ৰামা ছবিখনৰ পৰিচালনা কৰিছে ভানু ভোপাবৰপুয়ে। চলিত বৰ্ষৰ শেষৰ ফালে ছবিখন ছবিগৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী