শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে কেৱল চিনেমাতে নহয়, টেলিভিছনৰ জগততো এক বিশেষ পৰিচয় গঢ়ি তুলিছে। তেওঁৰ আইকনিক কুইজ শ্ব’ ‘কাউন বনেগা কোৰপতি’ প্ৰতিটো ছিজনতে দৰ্শকৰ প্ৰথম পছন্দ হৈ আহিছে। এতিয়া এই শ্ব’টোৱে নতুন ছিজন ‘কাউন বানেগা কোৰপতি ১৭’ৰ জৰিয়তে পুনৰ উভতি আহিছে। বিশেষ কথাটো হ’ল এইবাৰো স্বয়ং অমিতাভ বচ্চনক শ্ব’টো আয়োজন কৰা দেখা যাব। শেহতীয়াকৈ শ্ব’টোৰ প্ৰ’ম’ মুকলি কৰা হৈছে, যিটো দেখি অনুৰাগীসকল অতিশয় উৎসাহিত হৈছে আৰু ছ’চিয়েল মিডিয়াত ইয়াৰ ওপৰত তীব্ৰ চৰ্চা চলিছে। এতিয়া দৰ্শকে অপেক্ষা কৰি আছে সেই দিনটোৰ বাবে যেতিয়া বিগ বিয়ে আকৌ এবাৰ হট চিটত নিজৰ ষ্টাইলত ক'ব, লেডিজ এণ্ড জেন্টলমেন, ৱেলকাম...
আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ‘কাউন বনেগা কোটিপতি ১৭’ৰ প্ৰত্যাৱৰ্তন। এই জনপ্ৰিয় কুইজ শ্ব’টো ২০২৫ চনৰ ১১ আগষ্টৰ পৰা প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ নিশা ৯ বজাত চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছন আৰু চ’নী লিভত প্ৰচাৰিত হ’ব।এইবাৰো শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনে এই অনুষ্ঠানটো আয়োজন কৰা দেখা যাব। এই উপলক্ষে তেওঁৰ পুত্ৰ অভিষেক বচ্চনে এক বিশেষ বাৰ্তা শ্বেয়াৰ কৰে। তেওঁ লিখিছে, বছ ঘূৰি আহিছে! ইয়াৰ লগতে তেওঁ শ্ব’টোৰ প্ৰ’ম’ত কোৱা অমিতাভৰ এটা ধেমেলীয়া সংলাপও শ্বেয়াৰ কৰে। তেওঁ 'অগ্নিপাথ' ছবিখনৰ বিখ্যাত সংলাপটো লগতে কয় কে বি চি কে সাথ এপইণ্টমেণ্ট হায়, ইংৰাজী বোল্টা হায়।
এফালে অমিতাভ বচ্চনে ‘কাউন বানেগা কোৰপতি ১৭’ লৈ সৰু পৰ্দালৈ ঘূৰি অহাৰ বিপৰীতে আনফালে ছলমান খানও আগষ্টৰ শেষৰ ফালে ‘বিগ বছ ১৯’ৰ জৰিয়তে জিঅ’ চিনেমালৈ ঘূৰি আহিব। এনে পৰিস্থিতিত মনোৰঞ্জনৰ জগতখনৰ দুটা ডাঙৰ শ্ব’ মুখামুখি হ’ব, যাৰ বাবে এইবাৰ প্ৰতিযোগিতাখন অতি আকৰ্ষণীয় হ’বলৈ গৈ আছে। মন কৰিবলগীয়া যে যোৱা ২৫ বছৰ ধৰি ‘কাউন বনেগা কোটিপতি’ই দৰ্শকৰ আস্থা লাভ কৰি আহিছে। এই অনুষ্ঠানটোৱে সাধাৰণ মানুহক কোটিপতি হোৱাৰ সুযোগ দিয়াই নহয়, সমগ্ৰ দেশতে জ্ঞান আৰু বুদ্ধিমত্তাৰ এক নতুন মঞ্চও দিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী