দৰং, ১৬ জুলাই (হি.স.)। শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজে এইবেলি সাতদিনীয়াকৈ আয়োজন কৰিছে “পৰাক্ৰমী পূৰ্বোত্তৰ নাট্যমেলা“ৰ ৷ আগন্তুক ১৫ আগষ্টৰ পৰা ২১ আগষ্টলৈ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন হ’বলগীয়া এই নাট্যমেলাত অসমৰ বচা বচা সাতজন পৰিচালকে সাতখন নাটক মঞ্চায়ন কৰিব ৷ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা অবন্দিত পৰাক্ৰমী সংগ্ৰামীৰ জীৱন ভিত্তিক ৰচিত এই আতাই কেইখন নাটকৰ প্ৰযোজনা কলাক্ষেত্ৰৰ ৷ সেই অনুযায়ী আজি অসমৰ এটি অগ্ৰনী নাট্যসংগঠন “চৰ্চা“ৰ ছিপাঝাৰত নাটকৰ এটি শুভমহুৰৎ অনুষ্ঠান হৈ যায় ৷
উল্লেখ্য যে উল্লেখিত নাট্যমেলাত চৰ্চা ছিপাঝাৰে উৎপল দত্তৰ “বিপ্লৱী ব্ৰজনাথ“ শীৰ্ষক নাট খন অসীম কুমাৰ নাথৰ পৰিচালনাৰে ৰূপায়ন কৰিব ৷ সেই উপলক্ষে আজি চৰ্চা থিয়েটাৰ কেম্পাচ্ নাটকখনৰ এটি শুভ মহুৰৎ কাৰ্যসূচী সমাপন হৈ যায় ৷ য’ত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ , নাট্যসংগঠক প্ৰদীপ পুজাৰী, অভিনেতা প্ৰাঞ্জল শইকীয়া, নাট্যব্যক্তিত্ব অবিনাশ শৰ্মা, নয়ন প্ৰসাদৰ লগতে নাট্যকাৰ উৎপল দত্ত উপস্থিত থাকে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা