কাঠমাণ্ডু, ১৬ জুলাই (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান দি বিবাহিত মহিলাকো পিতৃৰ সম্পত্তিত সমান অধিকাৰ প্ৰদান কৰিব লাগে বুলি কৈছে। অৱশ্যে নেপালৰ নতুন সংবিধান জাৰি হোৱাৰ দিনৰে পৰা এই আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
পিতৃৰ সম্পত্তিৰ ওপৰত অধিকাৰ দাবী কৰাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে পিতৃৰ সম্পত্তিত বিবাহিত কন্যাক সমান অধিকাৰ দিয়াৰ কথা উল্লেখ থকা নেপালৰ সংবিধান জাৰি হোৱাৰ দিনৰে পৰা এই আইনখন কাৰ্যকৰী হ’ব লাগে।
বৰ্তমান নেপালত পিতৃৰ সম্পত্তিত কন্যা সন্তানক সম অধিকাৰ দিয়াৰ আইন প্ৰচলিত। চৰকাৰে সংশোধন কৰি কেৱল অবিবাহিত কন্যাকে নহয়, বিবাহিত কন্যাকো সম্পত্তিৰ ক্ষেত্ৰত সম অধিকাৰ দিয়াৰ ব্যৱস্থা কৰে।
চৰকাৰে এই সংশোধনী কৰাৰ পিছত জিলা আদালত আৰু উচ্চ ন্যায়ালয়েও আদালতত সম্পত্তিৰ সৈতে জড়িত সকলো বিচাৰাধীন বিষয়ত কন্যাক সম্পত্তিৰ অধিকাৰ প্ৰদানৰ সিদ্ধান্ত প্ৰদান কৰে। কিন্তু এই আইনখন কেতিয়া প্ৰযোজ্য বুলি বিবেচিত হ’ব লাগে সেই সম্পৰ্কে বিবাদৰ পিছত আদালতে পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰি মঙলবাৰে ৰায়দান কৰে।
পাঁচজন ন্যায়াধীশৰ ভিতৰত তিনিজন ন্যায়াধীশে সংখ্যাগৰিষ্ঠতাৰ ৰায় দিছে যে সংবিধান জাৰি হোৱাৰ দিনৰে পৰা চৰকাৰৰ এই আইনখন কাৰ্যকৰী হ’ব লাগে। আনহাতে দুজন ন্যায়াধীশৰ মতামত আছিল যে পিতৃৰ সম্পত্তিৰ ওপৰত সকলো কন্যাৰ সমান অধিকাৰ থাকিব লাগে। সংবিধানত যিহেতু দিন, তাৰিখ বা বছৰৰ উল্লেখ নাই, গতিকে বিবাহিত বা অবিবাহিতক তাত বিবেচনা কৰা উচিত নহয়।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সপনা প্ৰধান মল্ল, মনোজ কুমাৰ শৰ্মা, সাৰংগা চুবেদী, আব্দুল আজিজ আৰু মহেশ শৰ্মা পৌডেলৰ পূৰ্ণ বিচাৰপীঠে এই সন্দৰ্ভত ৰায়দান দিওঁতে পিতৃৰ সম্পত্তিত কন্যাক সমান অংশ দিয়া সংসদৰ আইন শুদ্ধ বুলি কৈছে।
অৱশ্যে ইয়াৰ ভিতৰত ন্যায়াধীশ সপনা প্ৰধান মল্ল আৰু মহেশ শৰ্মা পৌডেলে এই ৰায়দানত কৈছে যে সকলো বিবাহিতা মহিলাকো এই অধিকাৰ দিয়া উচিত। কিন্তু বাকী তিনিজন ন্যায়াধীশে সংখ্যাগৰিষ্ঠতাৰে সিদ্ধান্ত লৈছে যে সংবিধান জাৰি হোৱাৰ পিছৰে পৰা বিবাহিত মহিলাই এই অধিকাৰ লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া