কিংষ্টন (জামাইকা), ১৬ জুলাই (হি.স.)। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত, বিশেষকৈ অন্তিম টেষ্টত মাত্ৰ ২৭ ৰানত আউট হৈ লজ্জাজনক পৰাজয়ৰ পিছত ক্ৰিকেট ৱেষ্ট ইণ্ডিজে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ব’ৰ্ডে নিজৰ ক্ৰিকেট কৌশল সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰিছে, য’ত ছাৰ ক্লাইভ লয়ড, ছাৰ ভিভিয়ান ৰিচাৰ্ডছ আৰু ব্রায়ান লাৰালৈ বিশেষ আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে।
চি ডব্লিউ আইৰ সভাপতি ড০ কিশোৰ শালোৱে এক বিবৃতিত কয় যে, “তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মই ক্ৰিকেট কৌশল আৰু অফিচিয়েটিং কমিটীৰ অধ্যক্ষক শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা টেষ্ট শৃংখলা বিশেষকৈ চূড়ান্ত মেচখন পৰ্যালোচনাৰ বাবে জৰুৰীকালীন বৈঠক আহ্বান কৰিবলৈ পৰামৰ্শ দিছো ।”
ইতিমধ্যে এই বৈঠকত জড়িত ড° শিৱনাৰায়ণ চণ্ডাৰপল, ড° ডেচমণ্ড হেইনছ আৰু ইয়ান ব্ৰেডশ্বৰ দৰে প্ৰাক্তন কিংবদন্তিৰ লগতে এই মহান বেটছমেনসকলৰ মতামতও লোৱা হ’ব।
প্ৰাক্তন স্পিনাৰ দিননাথ ৰামনাৰায়নে ছ’চিয়েল মিডিয়াত ব’ৰ্ডক সমালোচনা কৰি এক তীব্ৰ লেখা শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, “ব’ৰ্ডৰ সদস্যসকলে নিজকে ইচ্ছাকৃতভাৱে দৰমহা দিয়ে, খেলুৱৈসকলক ব্যক্তিগত আনুগত্যৰ ভিত্তিত নিৰ্বাচিত কৰা হয়, আৰু জাতীয় দলৰ প্ৰদৰ্শনক কোনো গুৰুত্ব দিয়া নহয়।”
তেওঁ আৰু কয়, অনুৰাগীসকলে নিৰৱে খেলৰ পৰা আঁতৰি যোৱাৰ সময়ত বিষয়াসকলে চকীত খামোচ মাৰি ধৰি আছে। পৰাজয়ৰ পিছতো কোনো আত্মনিৰীক্ষণ, কোনো জবাবদিহিতা নাই।
ৰামনাৰায়নে লগতে সোঁৱৰাই দিয়ে যে এই একেটা ব্যৱস্থাৰ বাবেই ৱেষ্ট ইণ্ডিজে আমেৰিকাৰ দৰে দলৰ বিৰুদ্ধে ১০০ ৰানৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু এতিয়া ২৭ ৰানত অল আউট হোৱাৰ লাজৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
চি ডব্লিউ আইৰ সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই বৈঠক কেৱল প্ৰতীকী নহয়, এইসকল একেই লোক যিয়ে আমাৰ ক্ৰিকেটৰ সোণালী যুগটোক সংজ্ঞায়িত কৰিছে। তেওঁলোকৰ দৃষ্টিভংগী আমাৰ ক্ৰিকেটৰ ভৱিষ্যত গঢ় দিয়াত অত্যন্ত উপযোগী হ'ব। আমাৰ লক্ষ্য হৈছে এই বৈঠকৰ পৰা সুনিৰ্দিষ্ট আৰু কাৰ্যকৰী পৰামৰ্শ লাভ কৰা।
অৱশ্যে এই বৈঠক কেতিয়া আৰু ক’ত হ’ব সেই সন্দৰ্ভত আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু এইটো নিশ্চিত যে এয়া ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ এক বৃহৎ পৰিৱৰ্তনৰ আৰম্ভণি হ’ব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া