‘স্পিটজেন লাইট এথলেটিক লুজাৰ্ণ’ত ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী অনিমেশ কুজুৰৰ সুন্দৰ প্ৰদৰ্শন, পদক বঞ্চিত
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ ছিলভাৰ মিট ‘স্পিটজেন লাইটথলীট লুজাৰ্ন’ত ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী অনিমেশ কুজুৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। বুধবাৰে তেওঁ ১০০ মিটাৰ দৌৰত ১০.২৮ ছেকেণ্ড আৰু ২০০
अनिमेष कुजूर (बीच में)


নতুন দিল্লী, ১৬ জুলাই (হি.স.)। ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ ছিলভাৰ মিট ‘স্পিটজেন লাইটথলীট লুজাৰ্ন’ত ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখধাৰী অনিমেশ কুজুৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। বুধবাৰে তেওঁ ১০০ মিটাৰ দৌৰত ১০.২৮ ছেকেণ্ড আৰু ২০০ মিটাৰ দৌৰত ২০.৭৯ ছেকেণ্ড সময় লৈছিল ।

যদিও তেওঁ পদক লাভৰ পৰা বঞ্চিত হৈছিল, তথাপিও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছয়গৰাকী ভাৰতীয় পুৰুষ দৌৰবিদৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সফল খেলুৱৈ। কুজুৰে ১০০ মিটাৰত অষ্টম আৰু ২০০ মিটাৰত নৱম স্থান দখল কৰে।

কুজুৰৰ ৪x১০০ মিটাৰ ৰিলেৰ সতীৰ্থ মণিকান্ত হোবলিদাৰ আৰু অম্লান বৰগোহাঁই এইবাৰ ফৰ্মত দেখা নগ’ল। হোবলিদাৰে ২০০ মিটাৰ দৌৰ ২১.৩৬ ছেকেণ্ডত সম্পূৰ্ণ কৰাৰ বিপৰীতে অম্লানে সময়ো উলিয়াব নোৱাৰিলে।

১০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰে পাঁচগৰাকী ভাৰতীয় দৌৰবিদ অনিমেশ কুজুৰ, মণিকান্ত হোবলিদাৰ, জয়ৰাম ডি এম, লাল্লু ভৈ আৰু গুৰিন্দৰবীৰ সিঙে। ইয়াৰে কেৱল কুজুৰে শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বাকীসকলে শীৰ্ষ ১৫ ৰ ভিতৰতো আহিব পৰা নাছিল।

মহিলাৰ লং জাম্পত মৌমিতা মণ্ডলে ৬.৩৪ মিটাৰ জপিয়াই সপ্তম স্থান দখল কৰে। একে সময়তে এইবাৰ হতাশ হৈ পৰে দুবাৰৰ এছিয়ান চেম্পিয়নশ্বিপৰ পদক বিজয়ী শৈলী সিং। ৬.১৩ মিটাৰ দৌৰত দশম স্থান দখল কৰি শেষৰ তিনিটা চেষ্টাৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

মৌমিতা মণ্ডলে মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছ হিটতো অংশগ্ৰহণ কৰি ১৩.৪৮ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ১৩ নম্বৰ স্থান দখল কৰে।

পুৰুষৰ জেভলিন থ্ৰ’ত ২০১৮ চনৰ ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়ন সাহিল চিলৱালে ৭৭.৫২ মিটাৰ থ্ৰ’ৰে গ্ৰুপ বিত তৃতীয় স্থান দখল কৰাৰ বিপৰীতে সামগ্ৰিকভাৱে সপ্তম স্থান লাভ কৰে। এইটো তাইৰ ব্যক্তিগত শ্ৰেষ্ঠ (৮১.৮১ মিটাৰ)তকৈ বহু কম আছিল।

ভাৰতৰ একমাত্ৰ মহিলা জেভলিন থ্ৰ’ৱাৰ তথা ৰাষ্ট্ৰীয় গেমছৰ ৰূপৰ পদক বিজয়ী কৰিশ্মা ছানিলে ৫৩.৯৩ মিটাৰ সৰ্বোচ্চ প্ৰচেষ্টাৰে দ্বাদশ স্থান দখল কৰে। ৪৭.৪৮ মিটাৰ ৰে প্ৰতিযোগিতা আৰম্ভ কৰিছিল আৰু অন্তিম প্ৰচেষ্টাত উন্নতি কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande