আই এছ এল পিছুৱাই দিয়াৰ পাছত ভাৰতীয় ফুটবলৰ পৰিস্থিতিক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী
নতুন দিল্লী, ১৬ জুলাই (হি.স.)। ভাৰতীয় কিংবদন্তি তথা অভিলেখ গ’লদাতা সুনীল ছেত্ৰীয়ে দেশৰ বৰ্তমানৰ ফুটবল পৰিস্থিতিক ‘অত্যন্ত চিন্তনীয়’ বুলি অভিহিত কৰিছে। ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্টত তেওঁ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) নিলম্বনৰ পিছত খেলুৱৈ আৰু
सुनील छेत्री ने इंस्टाग्राम पर जताई चिंता


নতুন দিল্লী, ১৬ জুলাই (হি.স.)। ভাৰতীয় কিংবদন্তি তথা অভিলেখ গ’লদাতা সুনীল ছেত্ৰীয়ে দেশৰ বৰ্তমানৰ ফুটবল পৰিস্থিতিক ‘অত্যন্ত চিন্তনীয়’ বুলি অভিহিত কৰিছে। ছ’চিয়েল মিডিয়াত এক আৱেগিক পোষ্টত তেওঁ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) নিলম্বনৰ পিছত খেলুৱৈ আৰু কৰ্মচাৰীৰ অনিশ্চয়তা আৰু শংকা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।

ছেত্ৰীয়ে ইনষ্টাগ্ৰামত লিখিছে, ভাৰতীয় ফুটবলৰ বৰ্তমানৰ পৰিস্থিতি অতি চিন্তনীয়। খেলুৱৈ, কৰ্মচাৰী, ফিজিঅ', মালিচৰ পৰা বহু মেছেজ পাইছো, কিন্তু আন ক্লাবৰ পৰাও। এই অনিশ্চয়তাক লৈ সকলোৱে চিন্তিত, ভয় আৰু ব্য়থিত।

এই বক্তব্য এনে সময়ত প্ৰকাশ কৰিছে যেতিয়া ভাৰতৰ শীৰ্ষ পুৰুষ ফুটবল লীগ আই এছ এল চলিত মাহৰ আৰম্ভণিতে আই এছ এলৰ আয়োজক ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেড (এফ এছ ডি এল) আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (এ আই এফ এফ)ৰ মাজত কোনো চুক্তিত উপনীত হ’ব নোৱাৰাৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে।

অৱশ্যে অতি সোনকালে পৰিস্থিতিৰ উন্নতি হ’ব বুলিও ছেত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয়, মই নিশ্চিত যে যিসকলে খেলখন চলাই আছে তেওঁলোকে ছিজনটো পুনৰ আৰম্ভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। মই আশাবাদী যে অতি সোনকালে ইয়াৰ এটা সুনিৰ্দিষ্ট সমাধান পোৱা যাব।

আই এছ এলৰ উদ্বোধনী ছিজনত মুম্বাই চিটি এফ চিৰ অংশ হিচাপে থকা ছেত্ৰীয়ে ২০১৩ চনৰ পৰা দুটা পৰ্যায়ত বেংগালুৰু এফ চিৰ সৈতে জড়িত হৈ আছে।

তেওঁৰ পোষ্টটোত তেওঁ খেলুৱৈ আৰু ফুটবলৰ সৈতে জড়িত সকলো কৰ্মীলৈ সংহতিৰ বাৰ্তাও আগবঢ়ায়। তেওঁ লিখিছে, মোৰ হাতত হয়তো সকলো উত্তৰ নাথাকিবও পাৰে, কিন্তু মোৰ বাৰ্তা সেই সকলোৰে বাবে যাৰ জীৱিকা এই খেলৰ ওপৰত নিৰ্ভৰশীল। আমি একেলগে এই ধুমুহা অতিক্ৰম কৰিম। ইজনে সিজনক সহায় কৰিম। অনুশীলন কৰি যাওক আৰু নিজকে উন্নত কৰি যাওক। ফুটবল আকৌ আৰম্ভ হ'ব... আৰু অতি সোনকালে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande